নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুকাফাৰ মৈদাম সংৰক্ষণৰ বাবে স্বেচ্ছাই মাটি এৰি দিব ১৩টা পৰিয়ালে

নিয়মীয়া বাৰ্তা, ২২ জুলাই : ছশ বছৰীয়া আহোম ৰাজত্বকালৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফাৰ মৈদাম সংৰক্ষণৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱেশ সৃষ্টি হৈছে৷ উল্লেখ্য যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত থকা স্বৰ্গদেউ চাওলুং চুকাফা মৈদামৰ উপযুক্ত সংৰক্ষণ তথা সৌন্দৰ্যবৰ্ধনৰ বাবে প্ৰায় এক কোটি ৮০ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া চাৰিসীমাৰ পকী দেৱাল নিৰ্মাণত প্ৰয়োজন হোৱা মাটি স্বেচ্ছাই এৰি দিবলৈ সন্মত হৈছে মৈদামটি দখল কৰি থকা ১৩টাকৈ পৰিয়ালে।
প্ৰসংগক্ৰমে উল্লেখ্য যে টাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা ১ কোটি ৮০ লাখ টকা চুকাফাৰ মৈদামৰ চাৰিসীমাৰ পকী দেৱাল নিৰ্মাণৰ বাবে আগবঢে়াৱা হৈছিল। ইতিমধ্যে চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ বাবে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁইৰ উপস্থিতিত মন্ত্ৰী যোগেন মহনে এই নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰিছে যদিও স্বৰ্গদেউগৰাকীৰ মৈদামটি উপযুক্ত আৰু সঠিকভাৱে সংৰক্ষণৰ বাবে ইয়াৰ সীমাত দেৱাল নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ভূমি নথকাৰ বাবে সমস্যা আহি পৰে৷ মন কৰিবলগীয়া এয়ে যে মৈদামটিৰ কাষতে থকা বৃহৎ পৰিসৰৰ ভূমি পূৰ্বতে ১৫টাকৈ পৰিয়ালে দখল কৰি ঘৰ-বাৰী, বাগিচা স্থাপন কৰিছিল। এনে প্ৰেক্ষাপটত সংশ্লিষ্ট পৰিয়ালকেইটালৈ নাজিৰা ৰাজহ চক্ৰ বিষয়াই জাননী প্ৰেৰণ কৰি কালি মৈদামস্থলীত আয়োজিত আলোচনালৈ তেওঁলোকক নিমন্ত্ৰণ কৰে। উক্ত আলোচনালৈ টাই আহোম কাউন্সিল, আটাছু, চাওলুং চুকাফা মৈদাম সংৰক্ষণ সমিতি, তৰ্পণ সমিতিৰ বিষয়ববীয়াকো চক্ৰ বিষয়াগৰাকীয়ে নিমন্ত্ৰণ কৰে ৷ সেইমৰ্মে কালি মৈদাম প্ৰাংগণত অনুষ্ঠিত হয় উক্ত আলোচনামূলক সভা৷
বাকুপুখুৰী গাঁৱৰ গাঁওবুঢ়া ইন্দ্ৰেশ্বৰ কোঁৱৰৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা সভাত পুৰাতত্ত্ব বিভাগৰ কংকন শইকীয়া, স্থানীয় সমাজকৰ্মী জয় বৰা, বীৰেশ্বৰ বৰা, অম্লান বৰগোহাঁই, পৱিত্ৰ গগৈ, অতুল ৰাজকোঁৱৰ আদিয়ে বক্তব্য ৰাখে। উল্লেখ্য যে নাজিৰা ৰাজহ চক্ৰ বিষয়াই নিমন্ত্ৰণ জনোৱা মুঠ ১৫টাকৈ পৰিয়ালৰ ১৩টা পৰিয়ালে এই আলোচনামূলক সভাত অংশগ্ৰহণ কৰে। সংশ্লিষ্ট পৰিয়ালকেইটিয়ে স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদাম সংৰক্ষণৰ বাবে প্ৰয়োজন হোৱা ভূমি তেওঁলোকে স্বেচ্ছাই এৰি দিব বুলি আলোচনামূলক সভাখনত ঘোষণা কৰে। অৱশ্যে ইয়াৰ বাবে পৰিয়াল ১৩টাই প্ৰয়োজনীয় ক্ষতিপূৰণ লাভ কৰিব বুলি নাজিৰা ৰাজহ প্ৰশাসনে সভাখনিত অৱগত কৰে। আনহাতে, আয়োজিত আলোচনাত অংশগ্ৰহণ নকৰা বাকী ২ পৰিয়াললৈ ভূমি এৰি দিবলৈ পুনৰ আহ্বান জনাই নাজিৰা প্ৰশাসনে পত্ৰ প্ৰেৰণ কৰিব বুলি জনা গৈছে।
ইফালে, পূৰ্বৰ দৰে প্ৰশাসনে এইবিষয়ত সোপাঢিলা মনোভাব নলৈ প্ৰকৃত এখন মেপ তৈয়াৰ কৰি ক্ষিপ্ৰতাৰে যাৱতীয় কাম আৰম্ভ কৰিব লাগে বুলি স্থানীয় সচেতন ৰাইজে কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনাইছে ।

 

প্ৰেৰক দুষ্যন্ত নাথ 

You might also like