মানচেষ্টাৰ টেষ্টত সতর্ক আৰম্ভণি টীম ইণ্ডিয়াৰ
🔹 জয়ছোৱাল-সুদর্শনৰ অর্ধশতক : ব্যর্থ শুভমন গিল
নিউজ ডেস্ক, ২৪ জুলাই : বিজয় অপৰিহার্য মানচেষ্টাৰ টেষ্টত সতর্ক আৰম্ভণি কৰিছে টীম ইণ্ডিয়াই৷ কালিৰে পৰা মানচেষ্টাৰত আৰম্ভ হৈছে ঘৰুৱা দল ইংলেণ্ড আৰু টীম ইণ্ডিয়াৰ মাজত চতুর্থখন টেষ্ট৷ ইংৰাজ বাহিনীৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি প্রত্যয়জনক আৰম্ভণি কৰে যদিও কম সময়ৰ ভিতৰতে দুটাকৈ উইকেট হেৰুৱাই চাপত পৰে ভাৰতীয় দলটো৷
ইনিংছ মুকলি কৰিবলৈ আহি যশস্বী জয়ছোৱাল আৰু লোকেশ ৰাহুলে সুন্দৰ আৰম্ভণি কৰি প্রথম উইকেটৰ যুটিত ৯৪ ৰান সংগ্রহ কৰে৷ ৰাহুলৰ ৰূপত ভাৰতীয় দলটোৱে প্রথমটো উইকেট হেৰুৱায়৷ ষ্টাইলিছ বেটাৰগৰাকীয়ে ৯৮টা বলত চাৰিটা বাউণ্ডেৰীৰে ৪৬ ৰান কৰি বিদায় লয়৷ ইফালে, আনগৰাকী অপেনাৰ জয়ছোৱালে ৫৮ ৰানৰ দর্শনীয় ইনিংছ দলক উপহাৰ দিয়ে৷ জয়ছোৱালৰ ১০৭টা বলৰ ইনিংছটোত আছিল ১০টা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰী৷ দলীয় স্ক’ৰ ১২০ ৰানত দুয়োগৰাকী অপেনাৰক হেৰুৱায় টীম ইণ্ডিয়াই৷ ৰাহুল আৰু জয়ছোৱাল আউট হোৱাৰ কিছু সময় পিছতে অধিনায়ক শুভমন গিলেও বিদায় লোৱাত বিপর্যয়ত পৰে ভাৰত৷ অধিনায়কগৰাকীয়ে মাত্র ১২ ৰান কৰি বেন ষ্ট’কছৰ বলত এলবিডব্লিউ হয়৷
ইফালে, সাই সুদর্শন আৰু ঋষভ পণ্টে ভাৰতীয় দলটোক সন্মানজনক স্থিতিত উপনীত কৰিবলৈ চেষ্টা কৰাৰ সময়তে এক মোক্ষম আঘাতৰ সন্মুখীন হয় ভাৰত৷ দুয়োৰে মাজত চতুর্থ উইকেটত ৭২ ৰান সংগ্রহ হোৱাৰ সময়তে পণ্ট ব্যক্তিগত ৩৭ ৰানত ৰিটায়ার্ড হার্ট হয়৷ টীম ইণ্ডিয়াই কালি প্রথম দিনা ৪টা উইকেট হেৰুৱাই ২৬৪ ৰান সংগ্রহ কৰে৷ সেই সময়ত শাৰ্দূল ঠাকুৰ ১৯ আৰু ৰবীন্দ্র জাদেজাই ১৯ ৰান কৰি ক্রিজত আছে৷ ইংলেণ্ডৰ হৈ বেন ষ্ট’কছে ২টা আৰু ক্রিছ ৱ’কছ, লিয়াম ড’ছনে এটাকৈ উইকেট লাভ কৰে৷