নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওড়িশাৰ চৰকাৰী হোষ্টেলত দুই ছাত্রী অন্তঃসত্ত্বা

নিউজ ডেস্ক, ২৭ জুলাই : ওড়িশাৰ কান্ধামাল জিলাৰ চৰকাৰী হোষ্টেলত দুগৰাকী দশম শ্রেণীৰ ছাত্রী অন্তঃসত্ত্বা হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ নিয়মীয়া চিকিৎসা পৰীক্ষণৰ সময়ত দশম শ্রেণীৰ ছাত্রী দুগৰাকী অন্তঃসত্ত্বা হোৱা বুলি পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷

চৰকাৰী আৱাসিক ছোৱালী হাইস্কুলৰ ছাত্রী দুগৰাকী গ্রীষ্মবন্ধৰ পাছত হোষ্টেললৈ অহাৰ পাছতে নিয়মীয়া চিকিৎসা পৰীক্ষাত এই চাঞ্চল্যকৰ তথ্য প্রকাশ পাইছে৷ আৰক্ষীয়ে দুখন এফআইআৰ ৰুজু কৰি অনুন্ধান আৰম্ভ কৰিছে৷ প্রথমটো গোচৰ কোটগড় আৰক্ষী থানা আৰু দ্বিতীয়টো গোচৰ বেলঘৰ আৰক্ষী থানাত ৰুজু কৰা হৈছে৷ দশম শ্রেণীৰ দুগৰাকীকৈ ছাত্রী চৰকাৰী হোষ্টেলত অন্তঃসত্ত্বা হোৱা ঘটনাৰ পিছত কন্যাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়টো উত্থাপিত হৈছে৷

You might also like