সম্পাদকীয় : স্থানীয় নেতাৰ সন্মান
সম্পাদকীয় : স্থানীয় নেতাৰ সন্মান
নেতা শব্দটোৰ অর্থ এতিয়াৰ ভাৰতত সীমিত হৈ কেৱল ৰাজনৈতিক ক্ষেত্রৰ লোক, বিশেষকৈ প্রভাৱী লোকৰ ক্ষেত্রতহে ব্যৱহাৰ হয়৷ কিন্তু এই নেতা সমাজৰ সকলো ক্ষেত্রতে থাকে, তেওঁলোকৰ কাম আৰু আদর্শই সমাজখনক বিকাশৰ পথত আগবঢ়াই নিয়াত সহায় কৰে৷ সমাজৰ এই নেতাসকলক জীৱন কালত সন্মান প্রদর্শন কৰা আৰু মৃত্যুৰ পিছত স্মৰণ কৰাটো এখন কৃতজ্ঞ সমাজৰ পৰিচয়৷
ভূপেন হাজৰিকাৰ জন্ম শতবর্ষক লৈ অসম চৰকাৰে যেনেধৰণৰ কাম–কাজ ঘোষণা কৰিছে সেইবোৰে জাতিটোৰ হৈ শিল্পীগৰাকীৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰিব৷ এটা কথা ঠিক যে ভূপেন হাজৰিকাৰ যি বিশাল প্রতিভা আৰু অৱদান তাৰ কোনো তুলনা নাই৷ কিন্তু তাতকৈ কম প্রতিভাৰ লোকেও সমাজখনৰ বিকাশ আৰু উন্নতিৰ বাবে বৰঙণি যোগাই আহিছে৷ তেনে লোকসকলৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰাটো জাতিটোৰ দায়িত্ব আৰু চৰকাৰৰো কর্তব্য৷ কেইদিনমান আগতে পাৰ হৈ গ’ল অসমৰ চিনেমা জগতৰ দুগৰাকী উজ্জ্বল প্রতিভা পদুম বৰুৱা আৰু ব্রজেন বৰুৱাৰ জন্ম শতবর্ষ৷
কিন্তু কোনো সামাজিক সংগঠন, চিনেমা সংগঠন অথবা সংগীতৰ সংগঠনে এই দুগৰাকী নমস্য প্রতিভাৰ প্রতি কোনো ধৰণৰ সামাজিক সন্মান প্রদর্শনৰ আয়োজন নকৰিলে৷ অসম চৰকাৰে সংস্কৃতিৰ কাৰণে এটা বিভাগেই খুলিছে, সেই বিভাগৰ অধীনত এটা সঞ্চালকালয়, এটা নিগম, এটা ফিল্ম ষ্টুডি’, এখন চলচ্চিত্র বিদ্যালয়, এখন সংগীত মহাবিদ্যালয় আছে৷ চিনেমাৰ নামত বঁটা দিয়া আৰু চলচ্চিত্র মহোৎসৱ আয়োজন কৰা সংগঠন আছে৷ ইমানবোৰ বিভাগ–প্রতিষ্ঠানৰ কাৰো ভাব নহ’ল যে এই দুগৰাকী সংগীতজ্ঞ আৰু চলচ্চিত্র নির্মাতাৰ জন্ম শতবর্ষ উদ্যাপন কৰিবলৈ কিবা এটা কৰা উচিত আছিল৷ অতীতৰ যিসকলৰ ত্যাগ আৰু দানৰ বাবে এতিয়াৰ প্রজন্মই এই অৱস্থাত উপনীত হৈছে, সেইসকলক শ্রদ্ধাৰে স্মৰণ কৰা উচিত৷ ভাৰতীয় দর্শনে বিশ্বাস কৰে যে শ্রদ্ধাৱানজনেহে জ্ঞান লাভ কৰে৷ এই বছৰটো চিত্র পৰিচালক নীপ বৰুৱাৰ জন্ম শতবর্ষ৷ চৰকাৰী আৰু ব্যক্তিগত সংবাদ মাধ্যমে এই জন্ম শতবর্ষ উদ্যাপন কৰিছে৷ কিন্তু চৰকাৰী বা সামাজিক সংগঠনে এনে কোনো আয়োজনৰ চিন্তা কৰা সংবাদ প্রকাশ হোৱা নাই৷
যিকোনো ক্ষেত্রৰ নেতা এগৰাকী যে অসম ভিত্তিত স্বীকৃত হ’ব লাগিব তেনেকুৱা কোনো কথা নাই৷ অসমৰ বিভিন্ন অঞ্চলত এনেকুৱা একো একোগৰাকী নেতা দেখিবলৈ পোৱা যায়, যিয়ে নিজৰ অঞ্চলটিৰ বিকাশৰ বাবেই শিক্ষা, সামাজিক কাম, সংস্কৃতিমূলক কাম আদিৰ মাজতেই জীৱনটো অতিবাহিত কৰিছে৷ এনেকুৱা ব্যক্তিসকলৰ খ্যাতিয়ে সমগ্র অসমক স্পর্শ নকৰিব পাৰে, কিন্তু নিজৰ নিজৰ ঠাইত তেওঁলোকৰ অৱদান অপৰিসীম৷
এনে লোকসকলৰ অৱদানেই গাঁও–চহৰ অঞ্চলৰ জীৱনধাৰাক শক্তিশালী কৰি স্বাভাৱিক স্থায়িত্বত সহায় কৰিছে আৰু বিকাশৰ বাবে আধাৰ নির্মাণ কৰি তুলিছে৷ এনে লোকসকলৰ সাহস, আত্মত্যাগ আৰু অহংকাৰবিহীন সেৱাক সন্মান জনোৱাটো এটা সামাজিক কর্তব্য৷ চৰকাৰে বিভিন্ন ক্ষেত্রৰ এনেকুৱা লোকসকলক বিভিন্ন ধৰণে সন্মান প্রদর্শন কৰি আহিছে৷ কৃতী শিক্ষকৰ বাবে চৰকাৰে প্রদান কৰা সন্মান বহুতৰপীয়া৷ কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰে পৃথকে এই সন্মান প্রদর্শন কৰে৷ স্বাধীনতা দিৱস বা গণৰাজ্য দিৱসতো চৰকাৰীভাৱে বিভিন্ন স্থানীয় নেতাক সন্মান প্রদান কৰা প্রথা এটি আৰম্ভ হৈছে আৰু ই সমাজখনৰ বাবে এটি প্রেৰণাদায়ক বার্তা কঢ়িয়াই নিব৷ কিন্তু এই কাম অকল চৰকাৰেই কৰিব লাগে বুলি কথা থকা উচিত নহয়৷
সমাজৰ সকলো শ্রেণীৰ লোকেই এনেকুৱা সন্মান প্রদর্শনৰ আয়োজন কৰিব পাৰে৷ এটা কথা ঠিক যে অসমত এতিয়া বিভিন্ন কামৰ বাবে বিভিন্ন ধৰণে সন্মান জনোৱা কিছুমান প্রতিষ্ঠানৰ জন্ম হৈছে৷ তাৰে কিছুমান সন্দেহজনক, কিছুমানে অর্থ বা অইন লাভৰ বিনিময়তো নির্দিষ্ট ব্যক্তিক সন্মান প্রদর্শন কৰে৷ এনে কামেও সন্মানটিৰ সন্মান হানি কৰে৷ এই ধৰণৰ ব্যৱসায়ক বাধা দিয়াটো সামাজিক পৰিৱেশৰ সৌন্দর্য ৰক্ষাৰ বাবেই জৰুৰী৷ আজিৰ সময়ত সংবাদ মাধ্যমে কিছুমান বীৰস্থানীয় ব্যক্তি নির্মাণ কৰিছে বা সংবাদ মাধ্যমৰ সহযোগত বীৰ বা নায়কৰ সৃষ্টি হৈছে৷ এই বীৰ–নায়কসকলৰ দীপ্তিত স্থানীয় নায়কসকল নিষ্প্রভ হৈ পৰিছে৷ কিন্তু স্থানীয় নেতা বা নায়কসকলক অৱহেলিত হ’বলৈ নিদি তেওঁলোকক সন্মান জনাহ হতিবাচক জীৱনৰ দৃষ্টান্ত গঢ়ি তোলাটো এই সময়ৰ দাবী৷ শিক্ষা আৰু সংস্কৃতিক জীয়াই ৰখা আৰু নতুন প্রজন্মক অনুপ্রাণিত কৰা নায়কসকলক সামাজিক স্বীকৃতি দিয়াটো সামগ্রিক বিকাশ শৃংখলাৰ এটি অংশ হিচাপে বিবেচিত হ’ব৷