নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রলয় মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন DRDO-ৰ

ওড়িশাৰ উপকূলৰ আব্দুল কালাম দ্বীপপুঞ্জত ২৮ জুলাইৰ পৰা একেৰাহে দুদিন ধৰি প্রলয় মিছাইলৰ সফল পৰীক্ষণ চলায়

প্রতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা, চমুকৈ DRDO -ই একেৰাহে দুদিন দৰি প্রলয় মিছাইলৰ সফল পৰীক্ষণেৰে দেশীয়ভাৱে নির্মিত ক্ষেপণাস্ত্রৰ ক্ষেত্রত মাইলৰ খুঁটি ৰচিলে৷

ওড়িশাৰ উপকূলৰ আব্দুল কালাম দ্বীপপুঞ্জত ২৮ জুলাইৰ পৰা একেৰাহে দুদিন ধৰি প্রলয় মিছাইলৰ সফল পৰীক্ষণ চলায়৷ ক্ষেপণাস্ত্র পদ্ধতিৰ সর্বোচ্চ আৰু নূ্যনতম দূৰত্বৰ সক্ষমতা উভয়কে প্রলয় মিছাইলৰ পৰীক্ষণত সফলতা লাভ কৰে৷

DRDOই প্রকাশ কৰা মতে সর্বোচ্চ দূৰত্বভেদী আৰু নূ্যনতম দূৰত্বভেদী উভয় মিছাইলেই নিখুঁত লক্ষ্যভেদ কৰিবলৈ সক্ষম হৈছে৷ নির্ধাৰিত লক্ষ্যত সঠিক সময়ত সঠিকভাৱে আঘাত কৰিছে এই দুয়োবিধ মিছাইলে৷ প্রলয় হৈছে হ্রস্ব দূৰত্বৰ বেলিষ্টিক মিছাইল (এছআৰবিএম)৷ ডিআৰডি’ই যুদ্ধক্ষেত্রৰ বাবে এই মিছাইলটো বিকশিত কৰিছে৷ ভাৰতীয় সেনা আৰু বায়ুসেনাৰ আৱশ্যকতাৰ প্রতি লক্ষ্য ৰাখি এই মিছাইল তৈয়াৰ কৰা হৈছে৷

অত্যাধুনিক প্রযুক্তিৰে নির্মিত এই মিছাইল ১৫০–৫০০ কিলোমিটাৰলৈ নিক্ষেপ কৰিব পৰা যাব৷ শত্রুৰ গুৰুত্বপূর্ণ স্থানত আঘাত কৰিবৰ বাবে এই মিছাইল বিকশিত কৰা হৈছে৷

Niyomiya Barta Desk, 30 July, 2025

You might also like