নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্ট ৰেংকিং : যশস্বী জয়ছোৱালৰ ৩ স্থান অৱনতি, শীৰ্ষত জো ৰুট

তালিকাৰ শীৰ্ষত আছে যশপ্রীত বুমৰাহ— তেওঁৰ পইন্ট ৮৯৮। ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰ লাভৱান হৈছে, আনহাতে যশস্বী জয়ছোৱাল ৩ স্থান তললৈ গৈছে

আইচিচিয়ে ভাৰত আৰু ইংলেণ্ডৰ পঞ্চম টেষ্টৰ পূৰ্বে আজি টেষ্ট ৰেংকিং প্ৰকাশ কৰিছে। মানচেষ্টাৰত শতক অৰ্জন কৰা ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰ লাভৱান হৈছে, আনহাতে যশস্বী জয়ছোৱাল ৩ স্থান তললৈ গৈছে। ঋষভ পণ্ট এতিয়া আইচিচি পুৰুষ টেষ্ট বেটছমেনৰ ৰেংকিঙত ভাৰতীয় খেলুৱৈৰ ভিতৰত আটাইতকৈ ওপৰত উঠিছে— তেওঁ তালিকাৰ সপ্তম স্থানত আছে। অধিনায়ক শুভমান গিল ৯তম স্থানত অটুট হৈ আছে।

নিম্নগামী যশস্বী
যশস্বী জয়ছোৱাল আগতে ৫ম স্থানত আছিল, এতিয়া তেওঁ টেষ্ট বেটিং ৰেংকিঙত ৮ম স্থানলৈ নামি আহিছে। তেওঁৰ ৭৬৯ ৰেটিং পইন্ট আছে। সপ্তম স্থানত থকা ঋষভ পণ্টৰ আছে ৭৭৬ পইন্ট। ইংলেণ্ডৰ বেটছমেন জো ৰুটে নিজৰ প্ৰথম স্থান বজাই ৰাখিছে— তেওঁৰ ৯০৪ ৰেটিং পইন্ট হৈছে।

আইচিচি ৰেংকিঙত ৰৱীন্দ্ৰ জাডেজা আৰু ৱাশিংটন সুন্দৰৰ লাভ
ৰবীন্দ্ৰ জাডেজাই আইচিচি পুৰুষ বলিং ৰেংকিঙত এটা স্থান ওপৰলৈ উঠিছে। আগতে তেওঁ ১৫তম স্থানত আছিল, এতিয়া তেওঁ ৬৮২ পইন্ট লৈ ১৪তম স্থানত আহিছে। তালিকাৰ শীৰ্ষত আছে যশপ্রীত বুমৰাহ— তেওঁৰ পইন্ট ৮৯৮।

পুৰুষ টেষ্ট অল-ৰাউণ্ডাৰ ৰেংকিঙত ৱাশ্বিংটন সুন্দৰৰ দ্ৰুত উত্থান
ৱাশ্বিংটন সুন্দৰে অল-ৰাউণ্ডাৰ ৰেংকিঙত ৮ স্থান ওপৰলৈ উঠিছে। তেওঁ এতিয়া ১৩তম স্থানত আছে, মেট হেনৰীৰ সৈতে যুগ্মভাৱে। মানচেষ্টাৰত খেলা চতুৰ্থ টেষ্টত তেওঁ নিজৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় শতক মাৰিছিল।

Niyomiya Barta Desk, 30 July, 2025

You might also like