WCL 2025 : ক্ৰিকেট ইতিহাসৰ আজব ৰেকৰ্ড জন হেষ্টিংছৰ
যদিও খেলখনৰ ফলাফল উল্লেখযোগ্য, তাৰো অধিক চর্চাৰ বিষয় হৈ পৰে অষ্ট্ৰেলিয়াৰ দ্ৰুত গতিৰ বলাৰ জন হেষ্টিংচৰ ১৮টা বলৰ অসম্পূৰ্ণ এটা অভাৰ।
WCL 2025 : ৱৰ্ল্ড চেম্পিয়নশ্বিপ অফ লিজেণ্ডছ ২০২৫-ৰ ১৪তম খেলখন ক্ৰিকেটৰ ইতিহাসত এটা অদ্ভুত ঘটনা হিচাপে স্মৰণীয় হৈ থাকিব। গ্ৰেছ ৰোড, লেষ্টাৰত অনুষ্ঠিত এই খেলখনত পাকিস্তান চেম্পিয়ন দলে অষ্ট্ৰেলিয়া চেম্পিয়ন দলক ১০ উইকেটত পৰাজিত কৰে। যদিও খেলখনৰ ফলাফল উল্লেখযোগ্য, তাৰো অধিক চর্চাৰ বিষয় হৈ পৰে অষ্ট্ৰেলিয়াৰ দ্ৰুত গতিৰ বলাৰ জন হেষ্টিংচৰ ১৮টা বলৰ অসম্পূৰ্ণ এটা অভাৰ।
১৮টা বলতো তেওঁ অভাৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে
অষ্ট্ৰেলিয়া চেম্পিয়ন দলৰ হৈ ৮তম অভাৰ বল কৰিবলৈ অহা জন হেষ্টিংচে এনে বলিং কৰে, যি ক্ৰিকেটৰ ইতিহাসত দীঘল সময় ধৰি স্মৰণীয় হৈ থাকিব। এই অভাৰত তেওঁ ১২টা ৱাইড আৰু ১টা ন’ বল মাৰিলে, অৰ্থাৎ ১৩টা এক্সট্ৰা বল। মুঠে ১৮টা বল পেলালে যদিও তেওঁ কেৱল ৫টা বৈধ বল মাত্ৰ দিব পাৰিলে। অভাৰ সম্পূৰ্ণ হোৱাৰ আগতে পাকিস্তান চেম্পিয়নে সহজে জয়ৰ লক্ষ্য প্ৰাপ্ত কৰি খেল সমাপ্ত কৰে। এই অভাৰত হেষ্টিংচে ২০টা ৰান খৰচ কৰে।
অষ্ট্ৰেলিয়া চেম্পিয়নৰ লজ্জাজনক বেটিং
খেলখনত পাকিস্তান চেম্পিয়ন দলে টচত জিকি প্ৰথমে বলিং লয়। অধিনায়ক ছোইৱেব মালিকৰ এই সিদ্ধান্ত একেবাৰে সঠিক প্ৰমাণিত হয়। অষ্ট্ৰেলিয়া চেম্পিয়ন দল মাত্ৰ ৭৪ ৰানতে অলআউট হয়, আৰু মাত্ৰ ১১.৫ অভাৰত সম্পূৰ্ণ দল পেভিলিয়নলৈ উভতি যায়। পাকিস্তানৰ প্ৰাক্তন স্পিনাৰ ছঈদ আজমলে ৬টা আৰু ইমাদ ৱাছিমে ২টা উইকেট দখল কৰে। অষ্ট্ৰেলিয়া দলৰ হৈ বেন ডঙ্কয়ে আটাইতকৈ বেছি ২৬ ৰান কৰে।
সহজ জয়ী পাকিস্তান চেম্পিয়ন
প্ৰত্য়ুত্তৰত পাকিস্তান চেম্পিয়ন দলৰ অপেনাৰ বেটছমেনে একো ভুল নকৰিলে। দলটোৱে ৭.৫ অভাৰতহে লক্ষ্য পূৰ্ণ কৰে। ছাৰ্জীল খানে ২৩টা বলত ৩২ ৰান আৰু ছোৱেইব মাকছুডে ২৬টা বলত ২৮ ৰান কৰি একপাক্ষিক জয় নিশ্চিত কৰে। ছঈদ আজমলক চমৎকাৰ খেলৰ বাবে প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয়।
এই খেলখন একেদৰে পাকিস্তানৰ দমদাৰ জয়ৰ বাবে স্মৰণীয় হৈ থাকিব, তেনে জন হেষ্টিংচৰ ১৮ বলৰ অসম্পূৰ্ণ অভাৰটো ক্ৰিকেট ইতিহাসৰ আটাইতকৈ আজৱ মুহূৰ্তসমূহৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা হ’ব।
Niyomiya Barta Desk, 30 July, 2025