🔹 আৰক্ষীৰ বেশত তিনি মাহ ধৰি ‘ডিজিটেল এৰেষ্ট’
নিউজ ডেস্ক, ১ আগষ্ট : চাইবাৰ ক্রাইমৰ পিছত শেহতীয়াকৈ সন্ত্রাস সৃষ্টি কৰিছে ‘ডিজিটেল এৰেষ্ট’–এ৷ একাংশ প্রৱঞ্চকে বিভিন্ন বেশত ভুক্তভোগীক ফোন অথবা মেইলৰ জৰিয়তে শ’লঠেকত পেলাই ধন লুটি অহা ঘটনাই সকলোকে ভবাই তুলিছে৷
শেহতীয়া খবৰ অনুসৰি গুজৰাটৰ এগৰাকী চিকিৎসকে ডিজিটেল এৰেষ্টৰ বলি হৈ ১৯ কোটি টকা হেৰুৱাবলগীয়া হৈছে৷ আৰক্ষীৰ বেশ ধৰি চিকিৎসকগৰাকীক ১৫ মার্চৰ পৰা ২৫ জুনৰ ভিতৰত ভিডিঅ’ কলৰ জৰিয়তে প্রৱঞ্চনা কৰি আহিছিল একাংশ প্রৱঞ্চকে৷ প্রৱঞ্চকে ব্যক্তিজনৰ বেংক একাউণ্ট আৰু আধাৰ কার্ডৰ জৰিয়তে বহু আর্থিক প্রৱঞ্চনা হোৱা বুলি চিকিৎসকজনক গ্রেপ্তাৰৰ ভাবুকি দিয়ে৷
তিনি মাহ ধৰি দি অহা ভাবুকিৰ সময়ত চিকিৎসকজনে আৰক্ষীৰ বেশ ধৰা প্রৱঞ্চকক বৃহৎ পৰিমাণৰ ধন দিব লগাত পৰে৷ আনকি তেওঁ এই ধন পৰিশোধৰ বাবে কেইবাটাও ফিক্সড ডিপ’জিট বাতিল কৰাৰ লগতে বিভিন্ন ঠাইৰ পৰা ঋণ ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশেষত মানসিকভাৱে ভাগি পৰা লোকজনে আৰক্ষীৰ কাষ চাপে৷ আৰক্ষীয়ে অভিযোগৰ ভিত্তিত এজন লোকক গ্রেপ্তাৰ কৰিছে৷