নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্ৰাম্পক শান্তিৰ ন’বেল বঁটাৰ দিয়াৰ দাবী হোৱাইট হাউছৰ

হোৱাইট হাউছৰ এগৰাকী বিষয়াই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাবে নোবেল শান্তি বঁটাৰ দাবী জনাইছে, কিয়নো তেওঁ ছয় মাহৰ কাৰ্যকালত প্ৰতি মাহত এটা শান্তি চুক্তি সম্পাদন কৰিছে বুলি দাবী কৰা হৈছে।

হোৱাইট হাউছৰ প্ৰেছ চেক্ৰেটাৰী কেৰ’লিন লিভিটে কৈছে যে ট্ৰাম্পে ইজৰাইল-ইৰান, ভাৰত-পাকিস্তানকে ধৰি ছয়টা সংঘাতৰ অৱসান ঘটাইছে আৰু “ট্ৰাম্পক নোবেল শান্তি বঁটা প্ৰদানৰ সময় বহু আগতেই পাৰ হৈ গৈছে” বুলি দাবী কৰিছে।

“ৰাষ্ট্ৰপতি ট্ৰাম্পে থাইলেণ্ড-কম্বোডিয়া, ইজৰাইল-ইৰান, ৰুৱাণ্ডা-ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কঙ্গো, ভাৰত-পাকিস্তান, ছাৰ্বিয়া-কোছোভো আৰু মিছৰ-ইথিঅপিয়াৰ মাজৰ সংঘাতৰ অৱসান ঘটাইছে,” কেৰ’লিন লিভিটে কয়।

Niyomiya Barta Desk, 1 August, 2025

You might also like