টুপামাৰীত আমাৰ প্ৰয়াস গোষ্ঠীৰ হৰ ঘৰ ত্ৰিৰংঙ্গা আৰু স্বচ্ছতা কার্যসূচী সম্পন্ন
কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ৩নং টুপামাৰী গাওঁ পঞ্চায়তত বেচৰকাৰী সংস্থা আমাৰ প্ৰয়াস গোষ্ঠীয়ে আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ ৰূপায়ন কৰে। এই উপলক্ষে পুৱা ভাগত এক সজাগতা সভা অনুষ্ঠিত হয় | সভাৰ শেষৰ এক সমদল উলিয়াই গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ পৰা টুপামাৰী কড়িতলা বজাৰ হৈ পুনৰ গাওঁ পঞ্চায়ত কাৰ্যালয়ত সামৰণি পৰে | পদযাত্রাত অংশগ্রহণকাৰীসকলে বিভিন্ন শ্ল’গান দি সৰ্বস্তৰৰ ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে। পদযাত্ৰাৰ অন্তত গাওঁ পঞ্চায়ত কাৰ্যালয় চাফ-চিকুণ কৰা হয়। কাৰ্যসূচীত আমাৰ প্ৰয়াস গোষ্ঠীৰ জিলা সমন্বয়ক আনোৱাৰ হুছেইন, মিডিয়া সমন্বয়ক সাহানুৰ আলম, স্বেচ্ছাসেৱক ছবৰ আলী , আশা কৰ্মী আৰু অৰ্ধ শতাব্দী আত্ম সহায়ক গোটৰ মহিলা সকল উপস্থিত থাকে। আমাৰ প্ৰয়াস গোষ্ঠীৰ জিলা সমন্বয়ক আনোৱাৰ হুছেইনে জনোৱা মতে ১৫ আগষ্ট পৰ্যন্ত এই কাৰ্যসূচী অব্যাহত থাকিব |
Niyamiya barta Nagarbera, 10 August