নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰামৰ লালডুহচাকিৰ শিৰত ফিয়ামা নর্থ–ইষ্ট ডিভা–২০২৫ৰ মুকুট

🔹 সৌন্দর্য–মেধাৰ সমাহাৰেৰে সামৰণি পৰিল উত্তৰ–পূর্বাঞ্চলৰ সর্ববৃহৎ সৌন্দর্য প্রতিযোগিতাৰ

🔹 প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ বর্ণাঢ্য আয়োজন

বিশেষ বাৰ্তা, ১১ আগষ্ট : সৌন্দর্য আৰু মেধাৰ সমাহাৰেৰে বর্ণিল ৰূপত সামৰণি পৰিল উত্তৰ–পূর্বাঞ্চলৰ অন্যতম সৌন্দর্য প্রতিযোগিতা ফিয়ামা নর্থ–ইষ্ট ডিভা–২৫ৰ অষ্টম সংস্কৰণৰ৷ সৌন্দর্য–মেধাক এখন উপযুক্ত মঞ্চ দিয়াৰ উদ্দেশ্যে উত্তৰ–পূর্বাঞ্চলৰ সর্ববৃহৎ মিডিয়া নেটৱর্ক প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাৰ দূৰদর্শী নেতৃত্বত ২০১৩ চনত আৰম্ভ হৈছিল এই অনুষ্ঠান৷ এইবাৰো আড়ম্বৰপূর্ণ আয়োজনেৰে অনুষ্ঠিত মেগা ইভেণ্টটোৰ বিজয়ী মুকুট পৰিধান কৰিবলৈ সক্ষম হ’ল মিজোৰামৰ আইজলৰ আৰ লালডুহচাকিয়ে৷ আনহাতে প্রথম ৰানার্ছ আপৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় গোলাঘাটৰ প্রিয়ম ৰঞ্জনাই৷ দ্বিতীয় ৰানার্ছ আপৰ খিতাপ লাভ কৰে বঙাইগাঁৱৰ নিকিতা দাসে৷

উল্লেখ্য যে এই প্রতিযোগিতাখনত শতাধিক প্রার্থীয়ে অংশগ্রহণৰ বাবে আবেদন জনাইছিল৷ তাৰ মাজৰ পৰা বিচাৰক মণ্ডলীয়ে প্রথমতে ২০গৰাকীক নির্বাচন কৰে৷ উক্ত ২০গৰাকীৰ মাজৰ পৰা কাজিৰঙাৰ বাণী গ্রীনছ ৰিজ’ৰ্টত অনুষ্ঠিত প্রতিযোগিতাত শীর্ষ ১০গৰাকী প্রতিযোগীক বাছনি কৰা হয়৷ এই ১০গৰাকী প্রতিযোগী হৈছে অসমৰ নিকিতা দাস, প্রিয়ম ৰঞ্জনা, দিশা চিনাল, দীক্ষিতা হাজৰিকা, নাগালেণ্ডৰ মেৰিলিঅ’ এম কিকন, ছিকিমৰ য়ডেনলা ভূটীয়া, অন্বেষা পৌডাইল, অৰুণাচল প্রদেশৰ আদাম ৱাংছু, নাগালেণ্ডৰ খ্রীষ্টিন চেলা আৰু মিজোৰামৰ আৰ লালডুহচাকি৷ পুনৰ কঠিন প্রতিযোগিতাৰ অন্তত শীর্ষৰ ৫গৰাকী প্রার্থীক উক্ত ১০গৰাকীৰ মাজৰ পৰা বাছনি কৰা হয়৷ টপ–৫ত স্থান লাভ কৰা প্রার্থীসকল হৈছে ক্রমে মিজোৰামৰ আৰ লালডুহচাকি, অৰুণাচল প্রদেশৰ আদাম ৱাংছু, গুৱাহাটীৰ দিশা চিনাল, গোলাঘাটৰ প্রিয়ম ৰঞ্জনা আৰু বঙাইগাঁৱৰ নিকিতা দাস৷ যোৱা ৫ আগষ্টত গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত প্রতিযোগিতাখনৰ চূড়ান্ত ৰাউণ্ডত মিজোৰামৰ আৰ লালডুহচাকি বিজয়ী হোৱাৰ লগতে অসমৰ প্রিয়ম ৰঞ্জনা আৰু নিকিতা দাস ক্রমে প্রথম আৰু দ্বিতীয় ৰানার্ছ আপৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়৷

প্রতিযোগিতাখনত ৯গৰাকী প্রতিযোগীক বিভিন্ন উপ–প্রতিযোগিতা শাখাৰ মুঠ ৯টা পুৰস্কাৰ প্রদান কৰা হয়৷ তাৰ ভিতৰত নিকিতা দাসলৈ মিছ ফটোজেনিক, কৃষ্টি শর্মা মিছ বিউটিফুল স্মাইল, দীক্ষিতা হাজৰিকা মিছ বিউটিফুল আইচ, আদাম ৱাংছু মিছ ফ্ল’লেছ স্কিন, প্রিয়ম ৰঞ্জনা মিছ টেলেণ্টেড, পেমা ড্রেমা মিছ ৰানৱে, ৰ’জলিনা ত্রিপুৰা মিছ বডী বিউটিফুল, আৰ লালডুহচাকি মিছ কনজেনিয়েলিটী আৰু মেৰিল’ এম কিকনে মিছ বিউটিফুল হেয়াৰ বঁটা পাবলৈ সক্ষম হয়৷ উপ–প্রতিযোগিতাখনত্ বিচাৰকমণ্ডলী হিচাপে আছিল প্রাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতি, অসম প্রশাসনিক সেৱাৰ বিষয়া অনামিকা তিৱাৰী, শ্রীশংকৰদেৱ নেত্রালয় গ্রুপ অৱ ইনষ্টিটিউচনৰ সঞ্চালক ড০ কস্তুৰী ভট্টাচার্য আৰু জনপ্রিয় অভিনেত্রী আইমী বৰুৱা৷

আনহাতে, গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত চূড়ান্ত প্রতিযোগিতাত বিচাৰক হিচাপে আছিল মিছ ইণ্ডিয়া অর্গেনাইজেচনৰ ৰাষ্ট্রীয় সঞ্চালক নাটাছা গ্র’ভাৰ, লিভা মিছ ডিভা কছম’ ২০২৪ আৰু মিছ কছম’ ইণ্ডিয়া ২০২৫ৰ ভিপ্রা মেহতা, ৰাষ্ট্রীয় বঁটাপ্রাপ্ত অভিনেত্রী তথা অসম সন্তান সীমা বিশ্বাস আৰু জনপ্রিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী৷ চূড়ান্ত প্রতিযোগিতাখনত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাও উপস্থিত থাকে৷

উল্লেখ্য যে সৌন্দর্য আৰু মেধাৰ সমাহাৰেৰে অনুষ্ঠিত প্রতিযোগিতাখনত উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন প্রান্তৰ পৰা অহা প্রতিযোগীসকলে লেকমী ফেশ্বন উইক, টাইমছ ফেশ্বন উইককে ধৰি বৃহৎ সৌন্দর্য প্রতিযোগিতাসমূহ পৰিচালনা কৰি অহা ভেবিছ মেহতা আৰু তেওঁৰ দলৰ মার্গদর্শন লাভ কৰাৰ লগতে অন্যতম প্রখ্যাত ফটোগ্রাফাৰ কৌস্তভ শইকীয়াৰ লগত কাম কৰিবলৈ সক্ষম হৈছিল৷ এই প্রতিযোগিতাখনৰ পৰা বিজয়ীৰ মুকুট পৰিধান কৰিবলৈ সক্ষম হোৱা প্রতিযোগীসকলে পৰৱর্তী সময়ত হ’বলগীয়া আন বৃহৎ সৌন্দর্য প্রতিযোগিতাসমূহত অংশগ্রহণৰ সুযোগ লাভ কৰিব৷ তদুপৰি ফিয়ামা নর্থ–ইষ্ট ডিভা ২০২৫ৰ বিজয়ী মিজোৰামৰ আইজলৰ আৰ লালডুহচাকিয়ে আগন্তুক মিছ ডিভা ২০২৫ত প্রত্যক্ষ প্রৱেশৰ সুযোগ লাভ কৰিব৷ আৰম্ভণিৰ সময়ৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ সৌন্দর্য প্রতিভাসমূহক এই বৃহৎ প্রতিযোগিতাখনে এক উপযুক্ত মঞ্চ দিবলৈ সক্ষম হোৱাৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ চুকে–কোণে সিঁচৰতি হৈ থকা প্রতিভাসমূহক মডেলিঙৰ ক্ষেত্রখনলৈ আগুৱাই যোৱাৰ এক বাট মুকলি কৰি দিছে৷

You might also like