নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকা কাৰো বন্ধু নহয়

আমিয়ে বিশ্বৰ হর্তাকর্তা৷ অর্থনৈতিক সাম্রাজ্যবাদৰ জৰিয়তে সমগ্র বিশ্বক হাতৰ মুঠিত ৰাখিব বিচৰা আমেৰিকাৰ এনে দাদাগিৰি দীর্ঘকাল চলি আহিছে৷ আমেৰিকাৰ ৰাষ্ট্রপতিৰ শাসনত দ্বিতীয়বাৰৰ বাবে অধিষ্ঠিত হোৱাৰ সময়ত ভাৰতৰ স’তে বাণিজ্যিক আৰু বৈদেশিক সম্পর্ক সুদৃঢ় হ’ব বুলি আশা কৰা হৈছিল৷ ৮৭ বছৰীয়া আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতক বন্ধু ৰাষ্ট্র হিচাপে অভিহিত কৰাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও বন্ধুত্বৰ হাত আগবঢ়াইছিল৷ ২০২৫ৰ ২০ জানুৱাৰীত দ্বিতীয়বাৰ ৰাষ্ট্রপতিৰ আসনত অধিষ্ঠিত হোৱাৰ পাছতে দুয়োখন দেশৰ মাজত নতুন বাণিজ্যিক চুক্তি স্বাক্ষৰৰ জৰিয়তে অর্থনৈতিক বিকাশৰ নতুন ৰূপৰেখা প্রস্তুত কৰিবলৈ বিচৰা হৈছিল৷ বাণিজ্য মন্ত্রী পীয়ূষ গোৱেলে তিনি মার্চত ৱাশ্বিংটন ভ্রমণ কৰি প্রথমে এই বাণিজ্যিক চুক্তিৰ প্রাৰম্ভিক আলোচনা আৰম্ভ কৰিছিল৷ পৰৱর্তী সময়ত দুয়োখন দেশৰ মাজত পাঁচবাৰ আনুষ্ঠানিক আলোচনা চলিছে৷ দুয়োখন দেশৰ মাজত নতুন বাণিজ্যিক সম্পর্কই ইতিবাচক দিশত অগ্রসৰ হোৱা বুলি ২১ এপ্রিলত যুক্তৰাষ্ট্রৰ উপ–ৰাষ্ট্রপতি জে ডি ভ্রান্সে সদৰী কৰিছে৷ এনে প্রক্রিয়াৰ মাজতে পাকিস্তানৰ সন্ত্রাসবাদীৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰা অপাৰেচন সিন্দূৰ অভিযানৰ সময়তে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে আজব ঘোষণা কৰিছিল যে বাণিজ্যিক সম্পর্ক স্থাপনৰ স্বার্থতে যুদ্ধবিৰতি ঘোষণা কৰা হৈছে৷ ভাৰতে ট্রাম্পৰ এনে দাবী নস্যাৎ কৰাৰ বিপৰীতে মার্কিন ৰাষ্ট্রপতিজনে তেওঁৰ স্থিতিত অটল আছিল৷ আমেৰিকাই ভাৰতৰ স’তে নতুন বাণিজ্যিক সম্পর্ক গঢ়াৰ নামত কৃষিজাত আৰু দুগ্ধজাত সামগ্রীৰ বেহাৰে অর্থনৈতিক সাম্রাজ্যবাদৰ নতুন ভেটি স্থাপনৰ বাবে দীর্ঘসময় চেষ্টা চলাই আহিছে৷ আমেৰিকাৰ মুঠ জনসংখ্যা ৩৪ কোটিৰ বিপৰীতে ভাৰতৰ জনসংখ্যা ১৪১ কোটি৷ বিকাশৰ নতুন গতিত অগ্রসৰ ভাৰত বিশ্বৰ চতুর্থ সর্ববৃহৎ দেশ৷ ভাৰতত খাদ্য–সামগ্রীৰ বাণিজ্যৰ জৰিয়তে আমেৰিকাই নতুন পুঁজিবাদী সাম্রাজ্যৰ ভেটি গঢ়িবলৈ বিচাৰিছিল৷ এইক্ষেত্রত ভাৰতক বন্ধু ৰাষ্ট্রৰ ৰূপ দি এনে অভিষ্ট সাধন কৰিবলৈ মতগর্বী মার্কিন ৰাষ্ট্রপতিজনে চক্রান্ত চলাইছিল৷ দুই দেশৰ মাজত নতুন বাণিজ্যিক সম্পর্ক গঢ়াৰ সময়তে ৰাষ্ট্রপতি ট্রাম্পে ২৭ জুলাইত আজব ঘোষণাৰে ভাৰতীয় সামগ্রীসমূহৰ ওপৰত ২৫ শতাংশ পর্যন্ত শুল্ককৰ আৰোপ কৰে৷ ইয়াকে লৈ নতুন দিল্লীত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে হয়তো আশা কৰিছিল এনে আজব শুল্ককৰ আৰোপ কৰাৰ পাছত ভাৰতে নতি স্বীকাৰ কৰিব৷ কিন্তু আমেৰিকাৰ কৃষিজাত আৰু দুগ্ধজাত সামগ্রীৰ অবাধ বজাৰ মুকলিৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা কঠোৰ পদক্ষেপৰ পাছত মার্কিন ৰাষ্ট্রপতিজনে ৬ আগষ্টৰ পৰা অতিৰিক্ত ২৫ শতাংশ শুল্ককৰ আৰোপ কৰে৷
বিশ্বৰ বিধাতা ৰূপে প্রতিষ্ঠিত হ’বলৈ দূৰাকাংক্ষী ড’নাল্ড ট্রাম্পে বিশ্বৰ ৬০খনৰো অধিক দেশত শুল্কযুদ্ধ চলাইছে৷ ৫০ শতাংশ শুল্ক আৰোপেৰে আন্তর্জাতিক বাণিজ্যিক সম্পর্কৰ সকলো নীতি–নির্দেশনা উলংঘা কৰা মার্কিন ৰাষ্ট্রপতিজনে ভাৰত আৰু ব্রাজিলৰ ওপৰতে অধিক শুল্ক বোজা জাপি দিছে৷ সাত মাহ পূর্বে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্রপতিৰ শাসনত অধিষ্ঠিত ট্রাম্পে কিয় ভাৰতৰ ওপৰত এনে কঠোৰ স্থিতি গ্রহণ কৰিছে তাক লৈ বিশ্বৰ শীর্ষত থকা পুঁজিবাদী ৰাষ্ট্রখনৰ নাগৰিকসকলৰ মাজতো তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু অস্ত্র আমদানি কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্রপতিজনে ভাৰতৰ বিৰুদ্ধে এনে শুল্কযুদ্ধ আৰম্ভ কৰা বুলি প্রচাৰ চলিছে৷ ভাৰতে কোন দেশৰ পৰা কি সামগ্রী আমদানি কৰিব, কি সামগ্রী ৰপ্তানি কৰিব সেয়া আমাৰ দেশৰ আভ্যন্তৰীণ বিষয়৷ বাণিজ্যিক সম্পর্কৰ জৰিয়তে এখন সমৃদ্ধিশালী ভাৰত গঢ়াই আমাৰ লক্ষ্য৷ এইক্ষেত্রত আমেৰিকাৰ মতগর্বী ৰাষ্ট্রপতিজনে হর্তাকর্তা হ’বলৈ যোৱাটো এক ধৃষ্টতা৷ পুঁজিবাদী অর্থনীতি প্রতিষ্ঠাৰ ক্ষেত্রত আমেৰিকাই আধিপত্য বিস্তাৰ কৰিলেও ভাৰতৰ ১৪১ কোটি জনসাধাৰণৰ ভাগ্য নিয়ন্তা হ’ব নোৱাৰে৷ বিশ্বৰ ধনী দেশ হ’লেও দেশৰ সিংহভাগ শ্রমজীৱী লোকে আমেৰিকাক ঘৃণা কৰে৷ তেওঁলোকৰ অর্থনৈতিক সাম্রাজ্যবাদ প্রতিষ্ঠাৰ এনে কুটিল চক্রান্ত প্রতিহত কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নতুন দৃষ্টান্ত স্থাপন কৰিলে৷ মার্কিন ৰাষ্ট্রপতিগৰাকীৰ এনে একছত্রী ভূমিকাই ভাৰতক নতুন চিন্তা–ভাবনাৰ বাবে বাধ্য কৰাইছে৷ ইতিমধ্যে চুবুৰীয়া চীন আৰু ৰাছিয়াৰ স’তে ভাৰতৰ নতুন সম্পর্ক গঢ়ি উঠিছে৷ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ৰাছিয়া ভ্রমণৰ পাছত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও দেশখন ভ্রমণ কৰিবলৈ সাজু হৈছে৷ চীনৰ ৰাষ্ট্রপতিগৰাকীৰ স’তেও প্রধানমন্ত্রী মোদীৰ আলোচনা চলিছে৷ যদিহে চুবুৰীয়া চীন আৰু ৰাছিয়াৰ স’তে বন্ধুত্বপূর্ণ সম্পর্কই গতি লাভ কৰে তেন্তে অনাগত দিনত ভাৰতে এক মহাশক্তিত পৰিণত হ’ব৷ দেশৰ নিৰাপত্তাজনিত কাৰণতো চীন আৰু ৰাছিয়াৰ স’তে সম্পর্ক মধুৰ হ’লে আমাৰ দেশে লাভৱান হোৱাৰ সম্ভাৱনা আছে৷ চীন আৰু ৰাছিয়াৰ স’তে নতুন সম্পর্কই মতলববাজ ড’নাল্ড ট্রাম্পৰ নিদ্রাহৰণ কৰাটো খাটাং৷ কিয়নো ট্রাম্পৰ শুল্কযুদ্ধৰ প্রভাৱৰ পৰা ওলাই আহি ভাৰতীয় অর্থনীতিয়ে ইতিমধ্যে গতি লাভ কৰিছে৷ সোমবাৰে শ্বেয়াৰ বজাৰত ইয়াৰ প্রভাৱ পৰিলক্ষিত হৈছে৷

You might also like