নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভাত গৃহীত ৰাষ্ট্রীয় ক্রীড়া বিধেয়ক

🔹 ভাৰতীয় ক্রীড়া ক্ষেত্রত এক যুগান্তকাৰী সিদ্ধান্ত

নিউজ ডেস্ক, ১২ আগষ্ট : ভাৰতৰ ক্রীড়াখণ্ডত এক যুগান্তকাৰী সিদ্ধান্ত৷ অৱশেষত লোকসভাত গৃহীত হ’ল ক্রীড়া বিধেয়ক৷ কেন্দ্রীয় ক্রীড়া মন্ত্রী মনসুখ মাণ্ডব্যৰ মতে স্বাধীনতাৰ পিছত ভাৰতীয় ক্রীড়াখণ্ডত এইটোৱেই হৈছে সর্ববৃহৎ সংস্কাৰ৷ ইয়াৰ সমান্তৰালকৈ লোকসভাত ৰাষ্ট্রীয় এণ্টি ড’পিং (সংশোধনী) বিধেয়কখনো গৃহীত হয়৷ কেন্দ্রীয় ক্রীড়া মন্ত্রী মনসুখ মাণ্ডব্যই কয়- ‘স্বাধীনতাৰ পিছত ভাৰতীয় ক্রীড়াৰ এইটোৱেই আটাহতকৈ ডাঙৰ সংস্কাৰ৷ এই বিধেয়ক গৃহীত হোৱাৰ ফলত সকলো দায়ী হ’ব৷ প্রতিটো ক্রীড়া সংগঠন চৰকাৰৰ নিৰীক্ষণত থাকিব৷ ভাৰতীয় ক্রীড়াৰ পৰিৱেশত বিধেয়কখনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ অৱশ্যে ক্রীড়া বিধেয়কখনক লৈ বিৰোধিতা কৰা হৈছে৷

কেন্দ্রীয় ক্রীড়া মন্ত্রীগৰাকীয়ে কয় যে ভাৰতীয় ক্রীড়াখণ্ডত স্বচ্ছতা, জবাবদিহিতা আৰু বিশ্বমানৰ আন্তঃগাঁথনিৰ বাবে এই বিধেয়কখন গৃহীত কৰাটো প্রয়োজনীয়৷ ভাৰতৰ লক্ষ্য ২০৩৬ চনত অলিম্পিক আয়োজন কৰা৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া অনুষ্ঠান আয়োজন কৰিবলৈ সঠিক আন্তঃগাঁথনিৰ প্রয়োজন৷ ইয়াৰ বাবে এই বিধেয়কখন গৃহীত কৰাটো গুৰুত্বপূর্ণ আছিল৷’ ক্রীড়া মন্ত্রীগৰাকীয়ে আৰু কয়- ‘আগতে এই প্রচেষ্টা ১৯৭৫ চনত কৰা হৈছিল৷ তাৰ পিছত ১৯৮৫ চনত খচৰা প্রস্তুত হৈছিল৷ কিন্তু ক্রীড়াৰ ক্ষেত্রত ৰাজনীতি আৰু ব্যক্তিগত স্বার্থৰ মুক্ত প্রৱেশৰ বাবেই বহু লোকে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে৷ ২০১১ চনত আমি ৰাষ্ট্রীয় ক্রীড়া সংহিতা আনিছিলোঁ৷ এই বিধেয়কখন গৃহীত কৰাৰ আন এক পদক্ষেপ তেতিয়াৰ পৰাই আৰম্ভ হৈছিল৷ এই বিধেয়ক গৃহীত হোৱাৰ লগে লগে ৰাষ্ট্রীয় পর্যায়ৰ ক্রীড়া সংগঠনসমূহ চৰকাৰৰ অধীনত থাকিব৷ কেন্দ্রীয় চৰকাৰৰ পৰা অনুদান লাভ কৰিব৷ সেই পুঁজিৰে সঠিক আন্তঃগাঁথনি নির্মাণ কৰা হওক বা নহওক, স্বচ্ছতা বজাই ৰখা এই সকলো চৰকাৰৰ দৃষ্টিত থাকিব৷ অৱশ্যে আন দলৰ তুলনাত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে কিছু পৰিমাণে স্বতন্ত্রভাৱে কাম কৰিবলৈ সক্ষম হ’ব৷ উদাহৰণস্বৰূপে, চৰকাৰী ধনেৰে চলি থকা ক্রীড়া সংস্থাসমূহৰ ক্ষেত্রতহে আৰটিআই প্রযোজ্য হ’ব৷’

You might also like