নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলপথাৰৰ পৰা আঁতৰি থাকিলেও ৰেংকিঙত স্থান অক্ষুণ্ণ হিটমেনৰ

ছমাহ ধৰি খেলপথাৰৰ বাহিৰত থকাৰ পিছতো আইচিচি এদিনীয়া ৰেংকিঙৰ বেটাৰ শাখাত স্থানৰ উন্নতি ঘটিল টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাৰ৷

সদ্যপ্রকাশিত আইচিচি এদিনীয়া ৰেংকিঙৰ বেটাৰ শাখাত এটা স্থান আগুৱাই দ্বিতীয় স্থানলৈ উন্নীত হ’ল হিটমেন৷ ৩৮ বছৰীয়া ৰোহিত শর্মাই পাকিস্তানৰ বাবৰ আজমক আঁতৰাই দ্বিতীয় স্থানটো অধিকাৰ কৰে৷ ভাৰতীয় দলটোৰ তাৰকা বেটাৰ শুভমন গিলে শীর্ষস্থান অধিকাৰ কৰি থকা বেটাৰ শাখাত ভাৰতৰ বিৰাট কোহলিয়ে চতুর্থ, শ্রেয়াছ আয়াৰে অষ্টম স্থানটো অক্ষুণ্ণ ৰাখিছে৷

মন কৰিবলগীয়া যে কোহলিয়েও বিগত ছমাহ ধৰি খেলপথাৰৰ বাহিৰত আছে৷ ইপিনে, শ্রীলংকাৰ মহীশ থিকছানাই শীর্ষস্থান অধিকাৰ কৰি থকা বলিং শাখাত ভাৰতৰ কুলদীপ যাদৱে দ্বিতীয় আৰু ৰবীন্দ্র জাদেজাই নৱম স্থানটো অক্ষুণ্ণ ৰাখিছে৷

আনহাতে, ভাৰতৰ অভিষেক শর্মাই শীর্ষস্থান দখল কৰি থকা টি–২০ ৰেংকিঙৰ বেটাৰ শাখাত এটা স্থান আগুৱাই ভাৰতৰে তিলক বার্মাই দ্বিতীয় স্থানলৈ উন্নীত হৈছে৷ ইফালে, সূর্যকুমাৰ যাদৱে ষষ্ঠ স্থানটো অক্ষুণ্ণ ৰাখিছে৷

Niyomiya Barta Desk, 14 August, 2025

You might also like