নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IED Blust : আইইডি বিস্ফোৰণ : এজন জোৱান নিহত, তিনিজন আহত

IED Blust : ছত্তিশগড়ৰ বিজাপুৰ জিলাত আজি নক্সালীসকলে স্থাপন কৰা এটা ইম্প্ৰ’ভাইজড এক্সপ্ল’চিভ ডিভাইচ (IED) বিস্ফোৰণত ছত্তিশগড় আৰক্ষীৰ ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ড (ডিআৰজি)ৰ এজন জোৱান নিহত আৰু তিনিজন আন কৰ্মী আহত হৈছে। এগৰাকী জ্যেষ্ঠ বিষয়াৰ মতে, এই বিস্ফোৰণ ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্যান এলেকাত পুৱা সংঘটিত হৈছিল, যেতিয়া ৰাজ্য আৰক্ষীৰ এটা ইউনিট ডিআৰজিৰ এটা দল নক্সাল-বিৰোধী অভিযানত নামিছিল।

বিষয়াগৰাকীয়ে জনোৱা মতে, ডিআৰজিৰ জোৱান দীনেশ নাগ এই বিস্ফোৰণত নিহত হৈছে আৰু আন তিনিজন কৰ্মী আহত হৈছে। আহত কৰ্মীসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে আৰু তেওঁলোকক জংঘলৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। দেওবাৰৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ বিশদ তথ্য পিছত প্ৰকাশ কৰা হ’ব বুলি বিষয়াগৰাকীয়ে কয়।

এই ঘটনাই বিজাপুৰৰ ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্যান এলেকাত নক্সালী কাৰ্যকলাপৰ তীব্ৰতা পুনৰ প্ৰকাশ কৰিছে, য’ত পূৰ্বৰো বহু সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে। ২০২৫ চনত নক্সালীসকলৰ হাতত নিহত নিৰাপত্তাৰক্ষীৰ সংখ্যা ২০জনলৈ বৃদ্ধি পাইছে, যিটো বিগত বছৰৰ ১৯জনৰ তুলনাত অধিক।

Niyomiya Barta Desk, 18 August, 2025

You might also like