‘ভাৰত ফেৰাৰী, পাকিস্তান ডাম্পাৰ’, পাক সেনাৰ মুৰব্বী মুনিৰক প্রত্যুত্তৰ প্রতিৰক্ষা মন্ত্রীৰ
নিউজ ডেস্ক, ২৩ আগষ্ট : পাক সেনাৰ মুৰব্বী ফিল্ড মার্ছাল অছিম মুনিৰে দেশখনৰ অর্থনীতিক লৈ কৰা বক্তব্যক গৰিহণা ভাৰতৰ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ৷ পাকিস্তানৰ অর্থনীতি আৱর্জনাৰে ভৰা ট্রাক বুলি মন্তব্য কৰা সেনাৰ মুৰব্বী ফিল্ড মার্ছাল মুনিৰক সমালোচনা কৰি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে কয়– মুনিৰৰ বক্তব্যক সমালোচনাৰ বিষয় হিচাপে বিবেচনা নকৰোঁ৷ যদি আমি ঐতিহাসিক দৃষ্টিৰে ইয়াৰ আঁৰত থকা গুৰুতৰ সকীয়নিক গুৰুত্ব নিদিওঁ, তেতিয়াহ’লে ইয়ে আমাৰ কাৰণে উদ্বিগ্ণতাৰ বিষয় হৈ পৰিব৷ যদি আমি ইয়াক গুৰুত্ব দিওঁ আৰু ইয়াৰ কাৰণে সাজু হওঁ, তেতিয়াহ’লে ভাৰতে পাকিস্তানৰ সকীয়নিৰ যথোচিত প্রত্যুত্তৰ দিব পাৰিব৷
উল্লেখ্য যে পাক সেনাৰ মুৰব্বী মুনিৰে কৈছিল যে ভাৰত উজলিছে আৰু ঘাইপথত মার্ছিডিছ চলিছে এখন ফেৰাৰীৰ দৰে৷ কিন্তু পাকিস্তান আৱর্জনাৰে ভৰা ডাম্পাৰৰ দৰে৷ যদি ডাম্পাৰে কাৰখনত খুন্দিয়ায়, তেতিয়াহ’লে কাৰ ক্ষতি হ’ব?
ইয়াৰ প্রত্যুত্তৰ দি প্রতিৰক্ষা মন্ত্রী সিঙে কয়– মই ক’ব বিচৰা নাই, পাকিস্তানৰ অর্থনীতি আৱর্জনাৰে ভৰা ডাম্পাৰৰ লেখীয়া৷ আপোনালোকে নিজেই ইয়াৰ উত্তৰ দিছে৷ দুয়োখন দেশেই একে সময়তে স্বাধীন হৈছে৷ এখন দেশ ফেৰাৰীৰ দৰে অর্থনীতি আৰু আনখন দেশ ডাম্পাৰৰ দৰে৷ ভাৰতে কঠোৰ পৰিশ্রম, শুদ্ধ নীতি আৰু দূৰদৃষ্টিৰে সফল হৈছে৷ আনপিনে, আনখন দেশ ডাম্পাৰৰ লেখীয়া৷ তেওঁলোকৰ এয়া নিজৰ বিফলতা৷ পাক সেনাৰ মুৰব্বীয়ে ইছলামাবাদৰ স্বৰূপ প্রকাশেৰে দিয়া স্বীকাৰোক্তি ভাৰত এখন ফেৰাৰী আৰু পাকিস্তান এখন ডাম্পাৰ নিশ্চিতকৈ প্রকৃত সত্য বুলি কয় ৰাজনাথ সিঙে৷