নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Duburi Breaking : বাংলাদেশৰ মৌলবাদী সংগঠনৰে জড়িতৰ সন্দেহত ধুবুৰীত গ্ৰেপ্তাৰ এজন

Duburi Breaking : ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ লক্ষ্মীমাৰী গাঁৱৰ দুজন ব্যক্তিলৈ বাংলাদেশৰ কুখ্যাত জামাত ই ইছলামীৰ ভাবুকি ভৰা Voice Message প্ৰেৰণ কৰাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধুবুৰী জিলা আৰক্ষী।

গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম আলী হুছেইন বেপাৰী। তেওঁৰ ঘৰ ধুবুৰী জিলাৰ গোলকগঞ্জৰ লক্ষ্মীমাৰীৰ নায়েরছৰা গাঁৱত। যুৱক জনৰ সৈতে বাংলাদেশৰ বিভিন্ন লোকৰ সৈতে জড়িতৰ তথ্য লাভ আৰক্ষী, বিএছ‌এফৰ।

উল্লেখযোগ্য যে যোৱা ১৬ আগষ্টত গোলকগঞ্জ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক অমূল্য ৰায় আৰু সীমান্ত চেতনা মঞ্চৰ লক্ষীমাৰী খণ্ডৰ সভাপতি সুধীৰ সৰকাৰলৈ +৮৮০ ১৭১৯০৭১৯২৭ নম্বৰৰ পৰা বাংলাদেশৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জামাত-ই-ইছলামীৰ ভাবুকি ভৰা Voice Message অডিঅ মেছেজযোগে বাংলাদেশৰ পৰা ভাবুকি অহাৰ বাতৰি পোৱা গৈছে।

উক্ত অডিঅ বাৰ্তাত কোৱা হৈছিল যে জামাত-ই-ইছলামীৰ কোনো সদস্যক আৰক্ষীৰ হতুৱাই গ্ৰেপ্তাৰ কৰাই দিলে পৰিণতি ভয়াৱহ হব বুলি হুংকাৰ দিয়াৰ লগতে জামাত-ই-ইছলামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা ললে সীমান্তবৰ্তী গাঁওসমূহৰ ঘৰ বাৰী জ্বলাই দিয়াৰো উপৰি দেশৰ পৰিৱেশ অশান্ত কৰি দিয়াৰো ভাবুকি প্ৰদান কৰা হৈছিল উক্ত অডিঅ বাৰ্তাত।

এই সন্দৰ্ভত অমূল্য ৰায় আৰু সুধীৰ সৰকাৰে গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছিল উক্ত বাংলাদেশী নম্বৰৰ বিৰুদ্ধে। ইয়াৰ পিছত জোৰদাৰ তদন্ত আৰু অভিযান আৰম্ভ কৰে ধুবুৰী জিলা আৰক্ষী। পিছে শনিবাৰে নিশা আৰক্ষীৰ জালত পৰে আলী হুছেইন বেপাৰী। ভাৰত বাংলাদেশ সীমান্ত অশান্ত কৰাৰ পৰিকল্পনা ৰচিছিল যুৱকজনে।

ঘটনাৰ সৈতে আৰু কেইবাজনো লোক জড়িত থকাৰ সম্ভাৱনা। অধিক তথ্যৰ বাবে ধৃতক মাৰাথন জেৰা আৰম্ভ কৰিছে ধুবুৰী জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলে।

Niyomiya Barta Desk, 24 August

You might also like