নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় আকাশমার্গত ৬ পাকিস্তানী ড্রোনৰ বিচৰণ, জম্মু–কাশ্মীৰত অভিযান আৰম্ভ নিৰাপত্তা বাহিনীৰ

নিউজ ডেস্ক, ২৬ আগষ্ট : জম্মু–কাশ্মীৰৰ পুঞ্চ জিলাৰ এলঅ’চিৰ সমীপত ৬ পাকিস্তানী ড্রোনৰ বিচৰণ প্রত্যক্ষ হোৱাৰ পিছতেই সমগ্র অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰিছে৷ এলঅ’চিৰ সমীপৰ ভাৰতীয় আকাশমার্গত ৬ পাকিস্তানী ড্রোনৰ বিচৰণ প্রত্যক্ষ কৰাৰ লগে লগে নিৰাপত্তাক লৈ উদ্বেগৰ সৃষ্টি হৈছে৷ পাক ড্রোনৰ স্থিতিক লৈ ইতিমধ্যে সীমান্তত পহৰাৰত নিৰাপত্তা বাহিনীয়ে সমগ্র অঞ্চলটোত সূক্ষ্ম নিৰীক্ষণ চলাই থকাৰ লগতে ড্রোনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে৷

সেনাৰ সূত্রত প্রকাশ পোৱা মতে, দেওবাৰে নিশা ৯.১৫ বজাত পুঞ্চ জিলাৰ মেনধৰ ছেক্টৰত পাকিস্তানী ড্রোনৰ বিচৰণ প্রত্যক্ষ কৰা হয়৷ বালাকোট, লাংগোটে আৰু গুৰচাইনালা অঞ্চলত এই পাক ড্রোনৰ বিচৰণত সজাগ হৈ ভাৰতীয় সেনাই তৎপৰতাৰে ড্রোনকেইটা ভূপতিত কৰিবলৈ চেষ্টা চলায় যদিও সেয়া সম্ভৱ নহ’ল৷ সেনাই ড্রোনকেইখন ভূপতিত কৰিবলৈ পদক্ষেপ লোৱাৰ কেইমিনিটমানৰ ভিতৰতে ড্রোনকেইখন পাকিস্তানৰ ভূমিলৈ উভতি যায়৷

মন কৰিবলগীয়া যে অঞ্চলটোত ভাৰতীয় সেনাৰ গতিবিধি নিৰীক্ষণ আৰু তথ্য সংগ্রহ কৰাৰ বাবে পাকিস্তানে ড্রোন ৬খন ভাৰত ভূমিৰ আকাশমার্গলৈ প্রেৰণ কৰিছিল৷ এই কার্যকলাপ সন্ত্রাসবাদীৰ ভাৰত ভূমিত অনুপ্রৱেশৰ পৰিকল্পনাৰ বাবেও সংঘটিত হ’ব পাৰে বুলি ভাৰতীয় সেনাই সন্দেহ কৰিছে৷

You might also like