পুনৰ ভ্ৰাম্যমাণ থিয়েটাৰলৈ যতীন-নিশিতা… পাঠশালাত ৰাজমুকুট থিয়েটাৰৰ নাট্যাৰম্ভ
“আমি ভ্ৰাম্যমাণ নাটকৰ মানুহ, যিমান কষ্ট নহ’লেও আমি ভ্ৰাম্যমাণ এৰি চলিব নোৱাৰো৷ সেয়েহে আকৌ ভ্ৰাম্যমাণৰ মঞ্চলৈ আহিম৷ আৰু এইবাৰ মই অকলে নহয় এইবাৰ মোৰ লগত থাকিব মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামী।” পাঠশালাত ৰাজমুকুট থিয়েটাৰৰ মঞ্চত এই ঘোষণা কৰে জনপ্ৰিয় অভিনেতা যতীন বৰাই।
প্ৰতি বছৰে নিত্য নতুন কাৰিকৰী কৌশলেৰে শ্ৰোতা দৰ্শকৰ মন জয়ী কৰিবলৈ সক্ষম হোৱা পাঠশালা বনগাঁওৰ ৰাজমুকুট থিয়েটাৰে সগৌৰবেৰে এইবাৰ দশম বছৰত ভৰি দিছে। এইবেলি তিনিখন ভিন্ন ৰুচিৰ নাটেৰে নাট্য যাত্ৰা আৰম্ভ কৰা ৰাজমুকুট থিয়েটাৰৰ উদ্বোধনী অনুষ্ঠানৰ মঞ্চ মুকলি কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷
ৰাজমুকুট থিয়েটাৰৰ প্ৰযোজক মানস কলিতাই এই নাট্যধাৰাটোত সফলতাৰে দহটা বছৰ অতিক্ৰম কৰাৰ বাবে তেওঁলৈ অভিনন্দন জনাই সকলো ৰাইজকে যুৱ পৰিচালকগৰাকীক আশীৰ্বাদ দিবলৈ অনুৰোধ জনায় মন্ত্ৰী দাসে৷
উল্লেখ্য যে কাৰিকৰি কৌশল আৰু চমকেৰে প্ৰতিবছৰে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা ৰাজমুকুট থিয়েটাৰে এইবেলি অভিজিত ভট্টাচাৰ্য্যৰ মহাভাৰতৰ শেষ অধ্যায়, মাজৰাতিৰ ৰজা আৰু পল্লৱ পবনৰ মৰম সুতিৰ মহলদাৰ মঞ্চস্থ কৰিব।
এই বৰ্ষৰ নাট্যাৰম্ভ অনুষ্ঠানত শ্ৰোতা দৰ্শকেৰে ভৰি থকা প্ৰেক্ষাগৃহত বন্তি প্ৰজ্বলন কৰে পৰিচালক ৰাজেশ ভূঞাই। অনুষ্ঠানত অভিনেতা যতীন বৰা, অভিনেত্ৰী নিশিতা গোস্বামীৰ লগতে বজালীৰ আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা, অধিবক্তা ৰঞ্জিত কলিতা, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জন চক্ৰৱৰ্তী, ৰাজমুকুট থিয়েটাৰৰ সহ প্ৰযোজক জয়শ্ৰী ভৰালী আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
নিয়মীয়া বাৰ্তা, পাঠশালা, ২৬ আগষ্ট