নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিডুত চাঞ্চল্যকৰ ঘটনা! জীৱন্ত অৱস্থাত উদ্ধাৰ নৱজাতক কন্যা শিশু

পুনৰ মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাত। মাৰ্ঘেৰিটাৰ লিডুৰ ২নং কলপাৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা। ঘটনাক কেন্দ্ৰ কৰি এক চাঞ্চ্যলকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ মাৰ্ঘেৰিটাত।

লিডু আৰক্ষী চকীৰ অন্তৰ্গত ২নং কলপাৰা গাঁও নিৱাসী সমীৰ দাসৰ বাসগৃহৰ কাষত পুৱা ৭ বজাত পৰিতক্ত অৱস্থাত জীৱন্তে উদ্ধাৰ হয় এটি নৱজাতক শিশু। শিশুটি কন্যা সন্তান আছিল।

এয়া সম্ভৱত কোনো দুষ্ট স্বভাৱৰ যুৱক যুৱতীয়ে নিজৰ অবৈধ পাপ লুকুৱাবৰ বাবে এনেদৰে পেলাই থৈ যায় নৱজাতক শিশুটি। জন্মৰ পাছতেই এনেদৰে পাপ লুকুৱাবলৈ চেষ্টা কৰা কাৰ্যক ঘৃণনীয় আখ্যা দিছে সচেতন মহলে।

ইতিমধ্যে নৱজাতকটি লিডু আৰক্ষীয়ে জীৱন্তে উদ্ধাৰ কৰিছে।

Niyomiya Barta Desk, 28 August

You might also like