অৰুণাচলৰ নাহৰলগুনত অসমীয়া কিশোৰৰ ওপৰত গুলীচালনা-ৰ এক ঘটনা সংঘটিত হৈছে।অৰুণাচলী যুৱকৰ গুলীচালনাত গুলীবিদ্ধ হৈছে ১৪ বছৰীয়া কিশোৰ এগৰাকী। আহত কিশোৰজন আন্দ্ৰিয়াজ ইন্দোৱাৰ। আদিবাসী কিশোৰজনক শূন্য দূৰত্বৰ পৰা গুলীয়ায় অৰুণাচলীয়ে।
উল্লেখ্য যে নাহৰলগুনৰ এটা গেৰেজত কৰ্মৰত আছিল কিশোৰজন। কিশোৰজনৰ ঘৰ ৰঙানদী সমষ্টিৰ ঢেকিয়াজুলি খ্ৰীষ্টান গাঁৱত। সম্প্ৰতি নাহৰলগুনৰ TRIHMS চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে আন্দ্ৰিয়াজ ইন্দোৱাৰে।
ইফালে নাহৰলগুন আৰক্ষীয়ে অৰুণাচলী যুৱকজনক ইতিমধ্যে কৰায়ত্ত কৰিছে। জব্দ কৰিছে পিষ্টলটো।
মন কৰিবলগীয়া যে যোৱা তিনি মাহত অৰুণাচলীয়ে অসমীয়া শ্ৰমিক আৰু কিশোৰৰ ওপৰত কৰা এয়া চতুৰ্থটো প্ৰাণঘাতী আক্ৰমণ। লগতে গুলীচালনাৰ দ্বিতীয়টো ঘটনা। এফালে যদি লখিমপুৰৰ ৰঙা, কাকৈ, ৰাজগড়, দুলুং বনাঞ্চলত অৰুণাচলীয়ে আগ্ৰাসন চলাইছে, আনফালে খাটিখোৱা অসমৰ শ্ৰমজীৱী লোকৰ ওপৰত অৰুণাচলী দুৰ্বৃত্তই অৰুণাচলৰ বিভিন্ন ঠাইত প্ৰাণঘাতী আক্ৰমণ চলাই আহিছে।
অসমৰ দল সংগঠনসমূহে ঘাইপথ, অৰুণাচলৰ দ্বাৰমুখ অৱৰোধ কৰি আন্দোলন কৰিছে ঠিকেই, অৰুণাচলত থকা অসমৰ লোকৰ জীৱন সম্পত্তিৰ নিৰাপত্তা বিচাৰি দুয়ো ৰাজ্যৰ চৰকাৰক স্মাৰক পত্ৰ দিছে ঠিকেই, সমস্যা সমাধানহে আজিলৈকে নহ’ল। বৰঞ্চ এইধৰণৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈহে ধৰিলে। পুনৰ এগৰাকী কণমানি কিশোৰক শূন্য দুৰত্বৰ পৰা গুলীওৱা কাণ্ডই জোকাৰি গৈছে সমগ্ৰ লখিমপুৰ।
Niyomiya Barta Desk, 30 August