নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রেই বৰাকতো আৰম্ভ হ’ব উচ্ছেদ অভিযান, মুখ্যমন্ত্রীৰ ঘোষণা

বাঙালী হিন্দু অসমীয়া হিন্দু বুলি একো নাই, সকলো হিন্দু এক

ভাৰতৰ আইন–কানুন, সংস্কৃতি সকলো মানিব লাগিব

বৰাকত থাকি বাংলাদেশৰ ৰেডিঅ’ শুনিলে নহ’ব ভাৰতৰ ৰেডিঅ’ শুনিব লাগিব

বনাঞ্চল আৰু চৰকাৰী ভূমিত হোৱা বেদখলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে অব্যাহত উচ্ছেদ অভিযান এইবাৰ চলিব বৰাক উপত্যকাত৷ অতিশীঘ্রেই বৰাকতো উচ্ছেদ অভিযান আৰম্ভ কৰাৰ কথা স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই।

মুখ্যমন্ত্রী ড০ শর্মাই এই কথা উল্লেখ কৰি কয় – পাথাৰকান্দিসহ বৰাকৰ কেইবা ঠাইতো উচ্ছেদ অভিযান চলিব৷ পাথাৰকান্দিত উচ্ছেদ অভিযানৰ বাবে প্রস্তুতি চলাই থকা হৈছে৷ ইয়াৰ লগতে বৰাকৰ আন আন ঠাইতো উচ্ছেদৰ বাবে প্রস্তুতি চলোৱা হৈছে৷

উল্লেখ্য যে শেহতীয়াকৈ বঙালী হিন্দু আৰু আন সম্প্রদায়ৰ হিন্দুক লৈ সৃষ্টি হোৱা বিভেদৰ সন্দর্ভতো মুখ্যমন্ত্রীয়ে আজি বিষয়টোক লৈ প্রতিক্রিয়া প্রকাশ কৰে৷ তেওঁ কয়– মই মুখ্যমন্ত্রী হোৱাৰ পাছত সকলো হিন্দু সুৰক্ষিত হৈ আছে৷ বঙালী হিন্দুসকলৰ কোনো অসুবিধা হোৱা নাই৷ আধাৰ কার্ডক লৈ কিছু সমস্যাৰ সৃষ্টি হৈছিল যদিও তাক দূৰ কৰা হৈছে৷ এতিয়া বঙালী হিন্দু বা অসমীয়া হিন্দু বুলি কোনো কথা নাই৷ সকলো হিন্দু এক৷ ইয়াত কোনো অসমীয়া, গুজৰাটী, তামিল হিন্দু বুলি কথা নাই৷ হিন্দুক লৈ ওলোৱা সূত্রটোৱে ভুল৷ আমি এটা কথাই ক’ব বিচাৰোঁ যে যিসকল মুছলমানে ভাৰতক নিজৰ দেশ বুলি ভাবে তেওঁলোক আমাৰ লগত আছে৷ ভাৰতত আইন–কানুন, সংস্কৃতি সকলো মানিব লাগিব৷ এই ধৰণে আইন–কানুন মানি চলিলে কোনো সমস্যা নাই৷ কিন্তু বৰাকত থাকি বাংলাদেশৰ ৰেডিঅ’ শুনিব সেয়া হ’ব নোৱাৰে৷ ভাৰতত থাকিলে ভাৰতৰ ৰেডিঅ’ শুনিব লাগিব৷

অনুপ্রৱেশকাৰীৰ প্রসংগতো মুখ্যমন্ত্রীয়ে কয়– সীমান্তত সদায় অবৈধ বাংলাদেশীক ধৰি থকা হৈছে৷ প্রায় প্রতিদিনে ভাৰতত সোমাব খোজা বাংলাদেশী ধৰি থকা হৈছে আৰু ঘূৰাই পঠিওৱা হৈছে৷ কিন্তু ইয়াৰ মাজতো কিছু লোক সোমাবলৈ সক্ষম হৈছে৷ সেয়েহে এইক্ষেত্রত সকলো অধিক সতর্ক হ’ব লাগে৷

Niyomiya Barta desk, 2 September

You might also like