ইতিহাস সৃষ্টি ৰাছিদ খানৰ, তালিকাত নাম নাই কোনো ভাৰতীয় বলাৰৰ
এছিয়া কাপ-২০২৫ৰ পূৰ্বে আফগানিস্তানৰ অধিনায়ক ৰাছিদ খানে ইতিহাস সৃষ্টি কৰিছে। ৰাছিদ খান টি-২০ আন্তৰ্জাতিকত সৰ্বাধিক উইকেট লোৱা বলাৰ হিচাপে পৰিগণিত হৈছে। ৰাছিদে ১ ছেপ্টেম্বৰৰ নিশা সংযুক্ত আৰব আমিৰশ্বাহীৰ (ইউ এ ই) বিৰুদ্ধে খেলা মেচত এই মাইলৰ খুঁটি স্থাপন কৰিছে। ৰাছিদে এই মেচত ৪ অভাৰত ১১ ৰান দি ৩টা উইকেট লাভ কৰি টি-২০ত সৰ্বাধিক উইকেট লোৱা বলাৰ হিচাপে নিজৰ নাম খোদিত কৰিছে।
টি-২০ ক্ৰিকেটত ৰাছিদ খানে নিজৰ আধিপত্য বজাই ৰাখিছে। এই ফৰ্মেটত সৰ্বাধিক উইকেট লোৱাৰ ক্ষেত্ৰত ৰাছিদে নিউজিলেণ্ডৰ বলাৰ টীম ছাউডীক পিছ পেলাইছে। এই তালিকাত শীৰ্ষ ৫জনৰ ভিতৰত এজনো ভাৰতীয় বলাৰৰ নাম নাই।
ৰাছিদ খানঃ আফগানিস্তানৰ অধিনায়ক তথা লেগ স্পিনাৰ ৰাছিদ খানে টি-২০ত এতিয়ালৈ ৯৮খন মেচ খেলিছে, য’ত তেওঁ ১৬৫টা উইকেট দখল কৰিছে। এছিয়া কাপৰ বাবে ৰাছিদ খানৰ নেতৃত্বত আফগানিস্তানৰ ১৭ সদস্যৰ দল ঘোষণা কৰা হৈছে। এইবাৰ এছিয়া কাপ টি-২০ ফৰ্মেটত খেলা হব আৰু ৰাছিদ খানে ইতিমধ্যে নিজৰ দুৰ্দান্ত বলিং প্ৰদৰ্শন দেখুৱাইছে।
টীম ছাউডীঃ নিউজিলেণ্ডৰ বলাৰ টীম ছাউডী যথেষ্ট সময় ধৰি এই তালিকাত প্ৰথম স্থানত আছিল, কিন্তু ৰাছিদ খানে তেওঁক পিছ পেলাইছে। ছাউডীয়ে টি-২০ত ১২৬খন মেচত ১৬৪টা উইকেট লাভ কৰিছে। তেওঁ ২০২৪ চনৰ ডিচেম্বৰত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে।
ঈশ্ব সোধীঃ টি-২০ত সৰ্বাধিক উইকেট লোৱা বলাৰৰ তালিকাত তৃতীয় স্থানতো নিউজিলেণ্ডৰ বলাৰৰ নাম আছে। ঈশ্ব সোধীয়ে টি-২০ত ১২৬খন মেচ খেলি ১৫০টা উইকেট লাভ কৰিছে।
ছাকিব-আল-হাছানঃ বাংলাদেশৰ বলাৰ ছাকিব-আল-হাছানৰ নাম এই তালিকাত চতুৰ্থ স্থানত আছে। ছাকিবে ১২৯খন মেচত ১৪৯টা উইকেট লাভ কৰিছে। তেওঁ ২০২৪ চনৰ ছেপ্টেম্বৰত টি-২০ ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছে।
মুস্তাফিজুৰ ৰহমানঃ টি-২০ আন্তৰ্জাতিকত সৰ্বাধিক উইকেট লোৱা বলাৰৰ তালিকাত পঞ্চম স্থানত আছে বাংলাদেশৰ বাঁওহতীয়া ফাষ্ট বলাৰ মুস্তাফিজুৰ ৰহমানৰ নাম। তেওঁ ১১৩খন মেচত ১৪২টা উইকেট লাভ কৰিছে।
Niyomiya Barta Desk, 2 September