এই মুহূৰ্তত বিশ্বৰ কিমান মানুহ গৃহবন্দী , পৰিসংখ্যা চাওক আৰু ভাবক…
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ ক’ৰোনা আতংকৰ বাবেই সমগ্ৰ বিশ্ববাসী হৈ পৰিছে গৃহবন্দী । পৃথিৱীত হয়তো এনে ঘটনা কোনোকালেই হোৱা নাছিল । কি বিশ্বযুদ্ধ , কি মহামাৰী এনেদৰে গৃহবন্দী হোৱাৰ নজিৰ হয়তো বিশ্ব ইতিহাসত কেতিয়াও দেখা নগৈছিল ।
মঙলবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগন্তুক ২১ দিনৰ বাবে দেশত লকডাউন ঘোষণা কৰাৰ পাচতেই ভাৰতৰ প্ৰায় ১৩০ কোটি জনগণ এতিয়া গৃহবন্দী । জৰুৰীকালীন সেৱা আৰু অত্যাৱশ্যকীয় সামগ্ৰীক বাদ দি সকলো স্তৰৰ লোকেই এতিয়া গৃহবন্দী । ভাৰতত লকডাউন হোৱাৰ লগে লগে মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ মানুহ গৃহবন্দী হৈ পৰিছে বুলি দাবী কৰিছে বিশেষজ্ঞ সকলে ।
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিখন ষ্টেটো এতিয়া যেন স্বত্বস্ফূৰ্তভাৱেই হৈ পৰিছে লকডাউন । নিউয়ৰ্ক , কেলিফৰ্নিয়া, ফ্ল’ৰিডা সকলোতে এতিয়া অঘোষিত লকডাউন । কেলিফৰ্নিয়াত ক’ৰোনা আক্ৰান্তৰ সংখ্যা হৈছে ১০০০ গৰাকী । ইয়াৰে মৃত্যু হৈছে ১৯ জনৰ । নিউয়ৰ্কত ক’ৰোনাত ৭০০০ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩৯ গৰাকী লোকৰ ।
বিশেষজ্ঞসকলে কোৱা অনুসৰি সমগ্ৰ বিশ্বতে এতিয়া গৃহবন্দী হৈ আছে প্ৰায় ২০০ কোটিৰো অধিক জনতা । ইউৰোপ তথা বিশ্বৰ অধিকাংশ দেশতে সৃষ্টি হৈছে লকডাউনৰ দৰে পৰিস্থিতিৰ । চীনৰ য়ুহানত সৃষ্ট ক’ৰোনাত চীনত প্ৰায় তিনি সহস্ৰাধিক লোকৰ মৃত্যুৰ পিচতে পৰিস্থিতি যেন নিয়ন্ত্ৰণলৈ আহিছে দেশখনত । বিশ্বত ক’ৰোনাত মৃত্যু হোৱা মুঠ লোকৰ ৩৬ শতাংশ লোকৰে মৃত্যু হৈছে ইটালীত । ১০০ জনৰ প্ৰায় ৯ জন লোকেই এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’বলগীয়া হৈছে ।
ইটালী, ফ্ৰান্স আৰু স্পেইনো এতিয়া সম্পূৰ্ণৰূপে লকডাউন । জামাৰ্নীৰ ব্ৰাভিয়াতো ঘোষণা কৰা হৈছে লকডাউন । বন্ধ হৈ পৰিছে অষ্ট্ৰেলিয়াৰ বহু অঞ্চল । এই মহামাৰীৰ পৰা ৰক্ষা পাব পৰা নাই আফ্ৰিকাও । কঙ্গু আৰু বুৰকিনাৰ পৰা আহিছে মৃত্যুৰ খবৰ । ইফালে, ইৰানত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে প্ৰায় ২০০০ জন লোকৰ ।
সীমান্ত বন্ধ কৰি ৰাখিছে কিউবা আৰু বলিভিয়াই । ব্ৰাজিলত ক’ৰোনাত আক্ৰান্ত হৈছে ১৯৬৭ জনৰ আৰু মৃত্যুক সাৱটি লৈছে প্ৰায় ৩৪ জন লোকে । সমগ্ৰ বিশ্ব এতিয়া ক’ৰোনাৰ কালৰূপত নিৰূপায় । মৃত্যুৰ ভয়ে খেদি ফুৰা বিশ্বৰ এতিয়া প্ৰান্তে প্ৰান্তে লকডাউন । প্ৰতিটো মুহূৰ্ততে আতংক আৰু শংকাৰ দিন অতিবাহিত কৰিছে প্ৰতিটো শ্ৰেণীৰ লোকে ।