নেহৰুৰ স্মৃতি বিজড়িত বাংলো ১,১০০ কোটি টকাত বিক্রী
ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ স্মৃতি বিজড়িত লুটিয়েন্স দিল্লীৰ বাসগৃহটো বিক্রী হ’ল৷ ভাৰতীয় ইতিহাসত সর্বাধিক মূল্যত বিক্রী হৈছে এই বাংলোটো৷ বিক্রী মূল্য হৈছে ১,১০০ কোটি টকা৷ উল্লেখ্য যে লুটিয়েন্স দিল্লী হৈছে দেশৰ সবাতোকৈ হাইপ্রফাইল অঞ্চল৷
দেশৰ নীতি–নির্ধাৰক এই অঞ্চলত থাকে৷ সবাতোকৈ আধুনিক৷ সবাতোকৈ অধিক সুবিধাসম্পন্ন এই অঞ্চল৷ এনে পৰিপ্রেক্ষিতত লুটিয়েন্স দিল্লীত এক টুকুৰা ভূমিৰ সন্ধান পালেই উদ্যোগপতিসকলে ক্রয় কৰিবলৈ হেতা–ওপৰা লগায়৷ উক্ত অঞ্চলতে এটা বাংলো বিক্রী হ’ল আৰু এই বাংলোটোত দেশৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ স্মৃতি বিজড়িত আছিল৷
নেহৰুৰ স্মৃতি বিজড়িত বাবেই বাংলোটোৰ দাম ৰেকর্ডসংখ্যক হৈ পৰিল৷ লুটিয়েন্স দিল্লীৰ ১৭নং মতিলাল নেহৰু মার্গ ৰোডত স্থাপিত বাংলোটোত এটা সময়ত নেহৰুৱে বাস কৰিছিল৷ অর্থাৎ নেহৰুৰ আছিল প্রথম চৰকাৰী বাসভৱন৷ বাংলোটো ১৪ হাজাৰ ৯৭৩ বর্গমিটাৰ বিস্তৃত এলেকাত নির্মিত৷ এই বাংলোটোৰ মালিক আছিল ৰাজস্থানৰ ৰাজপৰিয়ালৰ দুই সদস্য ৰাজকুমাৰী কক্কৰ আৰু বীণা ৰাণী৷ বাংলোটো বিক্রী কৰিবলৈ নীতিমতে বিজ্ঞপ্তি দিয়া হৈছিল৷
বাংলোটোৰ আন কোনো মালিক হিচাপে দাবীদাৰ নাই বুলিও জাননী জাৰি কৰা হৈছিল৷ কোনো আপত্তি নথকাত বাংলোটো বিক্রী হৈ গ’ল৷ তথ্য মতে, দেশৰ এক নামী সুৰা বিক্রেতা, উদ্যোগপতিয়ে এই বাংলোটো ক্রয় কৰিছে৷ প্রথমে মালিকে ১৪০০ কোটি টকা বিচাৰিছিল যদিও পিছলৈ দাম–দৰ হোৱাত মালিকে ১১০০ কোটি টকাতে বিক্রী কৰি দিয়ে৷
গুৰুত্বপূর্ণ যে ইতিহাসপ্রসিদ্ধ এই বাংলোটো লুটিয়েন্স দিল্লীত থকাৰ বাবেই স্বাভাৱিকভাৱে বাংলোটোৰ চাহিদা তুংগত আছিল যদিও দেশৰ কোনো প্রখ্যাত উদ্যোগপতিয়ে এই বাংলোটো ক্রয় কৰাৰ বাবে আগবাঢ়ি অহা নাছিল৷ ইয়াৰ বাবেই বাংলোটো বিক্রী কৰাৰ বিজ্ঞপ্তি দিয়াৰ পিছতো প্রায় এটা বছৰ ধৰি বাংলোটো বিক্রীৰ বাবে দৰ–দাম চলে৷ অৱশেষত ১১০০ কোটি টকাত সুৰা ব্যৱসায়ী এজনে এই বাংলোটো নিজৰ হাতলৈ আনে৷
Niyomiya Barta Desk, 4 September