বিশ্বজুৰি ১১ হাজাৰ প্ৰাৰ্থীতকৈ শ্ৰেষ্ঠ, গ্ল’বেল ষ্টুডেণ্ট এৱাৰ্ডৰ ফাইনেলিষ্ট ভাৰতীয় ছাত্ৰ
‘চেগ.অৰ্গ গ্ল’বেল ষ্টুডেণ্ট প্ৰাইজ ২০২৫’ (Chegg.org Global Student Prize )ত ভাৰতৰ এজন ছাত্ৰ শীৰ্ষ ১০ ফাইনেলিষ্টৰ মাজত স্থান লাভ কৰাত সফল হৈছে। তেওঁৰ উদ্যমশীলতাৰ মনোভাবৰ বাবে তেওঁক ১,০০,০০০ আমেৰিকান ডলাৰৰ ‘চেগ.অৰ্গ গ্ল’বেল ষ্টুডেণ্ট প্ৰাইজ ২০২৫’ৰ বাবে নিৰ্বাচিত কৰা হৈছে। ১৪৮খন দেশৰ ১১ হাজাৰ লোকে নামাংকন আৰু আবেদন কৰিছিল, তাৰ মাজৰ পৰা তেওঁ নিজৰ স্থান দখল কৰাত সফল হৈছে।
আদৰ্শ কুমাৰ ৰাজস্থানৰ জয়পুৰৰ জয়শ্ৰী পেৰিৱাল ইণ্টাৰনেশ্যনেল স্কুলৰ ছাত্ৰ। তেওঁ এই বাৰ্ষিক বঁটাৰ বাবে নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় ছাত্ৰ। এই বঁটা এনে এজন অসাধাৰণ ছাত্ৰক প্ৰদান কৰা হয়, যিয়ে শিক্ষা আৰু সমাজৰ ওপৰত ব্যাপকভাৱে প্ৰকৃত প্ৰভাৱ পেলাইছে।
আদৰ্শ কুমাৰে কৈছে, “Chegg.org, আমি বিশ্বাস কৰোঁ যে ছাত্ৰসকল বিশ্বৰ সৰ্বাধিক শক্তিশালী পৰিৱৰ্তনকাৰীৰ ভিতৰত অন্যতম। এই বঁটা ঠিক তাৰেই উদযাপনৰ বাবে। ছাত্ৰসকলৰ কণ্ঠক উচ্চ কৰা, তেওঁলোকৰ ধাৰণাসমূহক পোহৰলৈ আনা আৰু আমাৰ সকলোকে এই কথা সোঁৱৰাই দিয়া যে যেতিয়া যুৱকসকলে দূৰদৰ্শিতা, সাহস আৰু হৃদয়ৰ পৰা নেতৃত্ব দিয়ে, তেতিয়া কি সম্ভৱ হ’ব পাৰে।”
আদৰ্শ কুমাৰে কম বয়সতে ইউটিউব আৰু গুগলৰ জৰিয়তে ক’ডিং আৰু ষ্টাৰ্টআপ ইক’চিষ্টেমৰ সন্ধান কৰিছিল, যেতিয়া তেওঁৰ মাকে তেওঁক লেপটপ কিনি দিবলৈ নিজৰ জীৱনৰ সঞ্চয় খৰচ কৰিছিল। তেওঁ অষ্টম শ্ৰেণীত নিজৰ প্ৰথম উদ্যোগ আৰম্ভ কৰিছিল, যিটো ব্যৰ্থ হৈছিল, কিন্তু তেওঁৰ দ্বিতীয় উদ্যোগ ‘মিছন বদলাৱ’ৰ জৰিয়তে ১,৩০০ পৰিয়ালক আয়ুষ্মান ভাৰত কাৰ্ড, পেঞ্চন, ক’ভিড-১৯ টিকা আৰু বিদ্যালয়ত নামাংকনৰ দৰে কল্যাণকাৰী আঁচনিৰ সুবিধা লাভ কৰাত সহায় কৰিছিল।
আদৰ্শ কুমাৰৰ জন্ম বিহাৰৰ চম্পাৰণত হৈছিল। তেওঁ জে পি আই এছত ৩০ লাখ টকাৰ সম্পূৰ্ণ বৃত্তি লাভ কৰা প্ৰথম ছাত্ৰ আৰু এতিয়া তেওঁ আনৰ বাবেও সেই সফলতা পুনৰাবৃত্তি কৰাত সহায় কৰি আছে। Chegg.orgৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) নাথান শ্বল্টজে কৈছে, “তোমাৰ কাম সাহসী, চিন্তাশীল আৰু অতি প্ৰয়োজনীয়। তুমি কেৱল সমস্যাৰ সমাধান কৰা নাই, তুমি সম্প্ৰদায়সমূহক উত্থান কৰি আছা আৰু বিশ্বক দেখুৱাই আছা যে যেতিয়া জুনুন আৰু উদ্দেশ্যৰ মিলন ঘটে, তেতিয়া কি সম্ভৱ।”
আদৰ্শই ১৪ বছৰ বয়সত মাত্ৰ ১,০০০ টকা লৈ আই আই টি-জে ই ইৰ ক’চিঙৰ সন্ধানত কোটা গৈছিল। তেওঁ ক’চিঙৰ খৰচ বহন কৰিব নোৱাৰিছিল, গতিকে তেওঁ গ্ৰন্থাগাৰত মুক্ত ৱাই-ফাই ব্যৱহাৰ কৰি মেন্টৰসকলক ইমেইল পঠিয়াইছিল আৰু শেষত প্ৰগ্ৰামত যোগদান কৰা, ষ্টাৰ্টআপত ইণ্টাৰ্নশ্বিপ কৰা আৰু প্ৰতিষ্ঠাতাসকলৰ সৈতে কাম কৰাত সফল হৈছিল। যদি তেওঁ এই বৈশ্বিক বঁটা জয় কৰে, তেন্তে তেওঁ গ্ৰাম্য অঞ্চলৰ বাবে এ আই-চালিত, কম বেণ্ডৱিডথৰ মেন্টৰশ্বিপ প্লেটফৰ্ম আৰম্ভ কৰিব বিচাৰে।
এই বছৰৰ শীৰ্ষ ১০ ছাত্ৰৰ তালিকাত ভাৰতীয় বংশোদ্ভৱ ১৭ বছৰীয়া কানাডীয় ছাত্ৰ কৃষিৱ ঠাকুৰীয়াও আছে, যাক শৈক্ষিক ফলাফল পৰিৱৰ্তনৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে।
Niyomiya Barta Desk, 4 September