ভাৰত–চীনক দমনমূলক আচৰণ নকৰিব, ট্রাম্পক পুটিনৰ সকীয়নি
আমেৰিকাই শুল্ক বোমাৰে ভাৰত আৰু চীনক চাপত ৰাখিব বিচৰা কার্যত মুকলি ক্ষোভ প্রকাশ কৰিছে ৰাছিয়াই৷ এচি’ সন্মিলনৰ বাবে চীনত উপস্থিত হোৱা ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে ভাৰত আৰু চীনৰ কাষত থিয় হৈ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক দেশ দুখনৰ ওপৰত দমনমূলক আচৰণ নকৰিবলৈ সকীয়নি দিয়ে৷
সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত তেওঁ কয়, ট্রাম্প প্রশাসনে অর্থনৈতিক হেঁচা বৃদ্ধি কৰি এছিয়াৰ দুই বৃহৎ শক্তিক দমন কৰিবলৈ চেষ্টা চলাইছে৷ এই কার্য কেতিয়াও গ্রহণযোগ্য নহয়৷ ভাৰত আৰু চীনক ৰাছিয়াৰ অংশীদাৰ বুলি অভিহিত কৰি পুটিনে কয় যে আমেৰিকাই দুয়োখন দেশৰ নেতৃত্বক দুর্বল কৰাৰ চেষ্টা কৰিছে৷ ঔপনিৱেশিকতাক লৈ ৰাছিয়াৰ ৰাষ্ট্রপতিয়ে ট্রাম্পক কটাক্ষ কৰে৷
তেওঁ কয়– ভাৰতৰ জনসংখ্যা ১৫০ কোটি৷ চীন এখন শক্তিশালী অর্থনীতিৰ দেশ৷ ইয়াৰ বৃহৎ জনসংখ্যাই নহয়, বৰঞ্চ নিজা ৰাজনৈতিক ব্যৱস্থা আৰু আইন আছে৷ ভাৰত আৰু চীন সন্দর্ভতো ৰাষ্ট্রপতি পুটিনে কয় যে দেশ দুখনে ইতিহাসত বহু কঠিন সময় দেখিছে৷ বিশেষকৈ ঔপনিৱেশিকতাৰ প্রসংগ উত্থাপন কৰি পুটিনে ৱাশ্বিংটনক সোঁৱৰাই দিয়ে যে ইতিমধ্যে ঔপনিৱেশিকতা যুগৰ অন্ত পৰিছে৷ সেয়েহে ভাৰত আৰু চীনৰ লগত এনেদৰে কথা পাতিব নোৱাৰি আমেৰিকাই বুজিব লাগিব যে ভাৰত আৰু চীনৰ অৱস্থা পূর্বৰ দৰে নহয়৷ শেহতীয়া কাম–কাজেও এই কথা প্রতিপন্ন কৰিছে৷
উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ অচিলাৰে ভাৰতৰ ওপৰত ৫০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰে৷ এই শুল্ক বোজাৰ পিছতো ভাৰতে বাণিজ্যৰ বিকল্প পথ বিচাৰিছিল৷ দেশখনে ৰাছিয়াৰ সৈতে অধিক বাণিজ্যৰ লগতে চীনৰ সৈতে ইয়াৰ ঘনিষ্ঠতাও বৃদ্ধি কৰিছে৷ শেহতীয়াকৈ চীনৰ টিয়ানঝিনত অনুষ্ঠিত এচি’ সন্মিলনৰ সমান্তৰালভাৱে প্রধানমন্ত্রী নৰেন্দ্র মোদী, চীনৰ ৰাষ্ট্রপতি ঝি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ ত্রিপাক্ষিক বৈঠকে কার্যতঃ ট্রাম্পক এক সকীয়নি বার্তা দিলে৷
এই ছবিখনে আমেৰিকাৰ কূটনৈতিক বিশেষজ্ঞসকলৰ ওপৰতো চাপ বৃদ্ধি কৰিছে৷ তেওঁলোকে আমেৰিকাৰ ৰাষ্ট্রপতিগৰাকীকো মুকলিকৈ সমালোচনা কৰা পৰিলক্ষিত হৈছে৷ আমেৰিকাৰ কূটনৈতিক বিশেষজ্ঞই আনকি ট্রাম্পক সমালোচনা কৰি ৰাছিয়া আৰু ইউক্রেইন যুদ্ধৰ বাবে ভাৰতক দোষাৰোপ নকৰিবলৈ আহ্বান জনাইছে৷
Niyomiya Barta Desk, 5 September