নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাহিলিপাৰাত চাঞ্চল্য, পুত্ৰৰ মৃত্যুৰ পিছত ঘৰত বোৱাৰীয়েকৰ প্ৰৱেশ নিষিদ্ধ শহুৰেকৰ

মহানগৰীৰ কাহিলিপাৰাৰ হিৰিম্বাপুৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পুত্ৰৰ মৃত্যুৰ পিছত বোৱাৰীয়েক ঘৰৰ পৰা উলিয়াই দিলে শহুৰেকে। দুই সন্তানক লগত লৈ পুৱাৰে পৰা নিশালৈ গেটৰ সন্মুখত বহি থাকিল বিধৱা মহিলাগৰাকী।

বাইহাটাৰ ঘৰত স্বামীৰ সকাম কৰি সবিতা ডেকা নামৰ মহিলাগৰাকী আহিছিল মহানগৰীৰ ঘৰলৈ।২ দিনৰ পূৰ্বে শহুৰ ভুবনেশ্বৰ ডেকাও মহানগৰীৰ ঘৰলৈ আহি ঘৰটো দখল কৰি লোৱাৰ অভিযোগ উঠিছে। আনকি অন্য যুৱতীক লগত লৈ ঘৰৰ ভিতৰত সোমাই থকাৰো অভিযোগ উঠিছে ভুবনেশ্বৰ ডেকা নামৰ বৃদ্ধাজনৰ বিৰুদ্ধে।

বৃদ্ধজনৰ বিৰুদ্ধে নিশাই ওলাই আহিল স্থানীয় পুৰুষ-মহিলা। পুৱাৰে পৰা ভুবনেশ্বৰ ডেকাই দুৱাৰ খুলি নিদিয়াৰ বাবে স্থানীয় ৰাইজে ভাঙি দিয়ে গ্ৰীল-দুৱাৰৰ তলা। ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা স্থানীয় ৰাইজক আক্ৰমণ কৰে ভুবনেশ্বৰ ডেকাই। লগতে ছুৰীৰে আক্ৰমণ কৰাৰ উপৰি কামোৰে স্থানীয় লোকক।

একেদৰে বোৱাৰী সবিতা ডেকাই ওদালবাক্ৰা আৰু দিছপুৰ আৰক্ষীক দিয়া অভিযোগ নোলোৱাৰ দাবী কৰিছে।

উল্লেখ্য যে শহুৰেক ভুবনেশ্বৰ ডেকা বাইহাটা চাৰিআলিৰ সাজেইত থাকে।

Niyomiya Barta Desk, 5 September

You might also like