নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ কুন্দ্ৰা-শিল্পা শেট্টীয়ে ইচ্ছা কৰিলেও যাব নোৱাৰিব বিদেশ ভ্ৰমণত, লুকআউট নটিচ জাৰি

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : শিল্পা শেট্টী আৰু ৰাজ কুন্দ্ৰাক যেন আইনী বিতৰ্কই লগ নেৰা হৈছে! যোৱা আগষ্ট মাহত মুম্বাইৰ এজন ব্যৱসায়ীয়ে তাৰকা দম্পতীৰ বিৰুদ্ধে ৬০ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগত এফআইআৰ দাখিল কৰিছিল। তেওঁ দাবী কৰে যে এসময়ত তেওঁ শিল্পা আৰু ৰাজৰ এতিয়া বন্ধ হৈ যোৱা কোম্পানী ‘বেষ্ট ডিল টিভি প্ৰাইভেট লিমিটেড’ত ৬০ কোটি টকা বিনিয়োগ কৰিছিল। তাৰকা দম্পতীৰ বিৰুদ্ধে এই ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে ব্যৱসায়ীজনে। মুম্বাই আৰক্ষীয়ে এতিয়া এই বিষয়ত ৰাজ কুন্দ্ৰা আৰু শিল্পা শেট্টীৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰিছে।

শিল্পা আৰু ৰাজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে লোটাছ কেপিটেল ফাইনেন্সিয়েল ছাৰ্ভিচেছৰ সঞ্চালক দীপক কোঠাৰীয়ে। তেওঁ দাবী কৰে যে ২০১৫ চনৰ পৰা ২০২৩ চনৰ ভিতৰত কোম্পানীটোত ৬০.৪৮ কোটি টকা বিনিয়োগ কৰিছিল তেওঁ। দীপক কোঠাৰীয়ে অভিযোগ কৰে যে যদিও ব্যৱসায়ত বিনিয়োগৰ বাবে উক্ত ধনৰাশি দিয়া হৈছিল, কিন্তু শিল্পা আৰু ৰাজে সেই ধন ব্যক্তিগত প্ৰয়োজনত ব্যৱহাৰ কৰিছিল। লগতে তেওঁ কয় যে যেতিয়া তেওঁ কোম্পানীটোত বিনিয়োগ কৰিছিল তেতিয়া ৮৭ শতাংশ শ্বেয়াৰ শিল্পাৰ নামত আছিল। দীপকে কয় যে তেওঁৰ পৰা মুঠ ৭৫ কোটি টকা ঋণ বিচৰা হৈছিল। তেওঁ ১২ শতাংশ সুত পোৱাৰ কথা আছিল।

দীপক কোঠাৰীয়ে কিস্তিত শিল্পা আৰু ৰাজৰ কোম্পানীত বিনিয়োগ কৰিছিল। তেওঁ দাবী কৰা মতে, ২০১৫ চনৰ এপ্ৰিল মাহত ৩১.৯৫ কোটি টকা দিছিল। সেই বছৰৰ ছেপ্টেম্বৰ মাহত আৰু কিছু টকা দিছিল। ২০১৫ চনৰ জুলাইৰ পৰা ২০১৬ চনৰ মাৰ্চ মাহৰ ভিতৰত তেওঁ আৰু ২৮.৫৪ কোটি টকা দিছিল।মুঠতে ৬০.৪৮ কোটি টকাৰ চুক্তি কৰা হৈছিল। দীপকে দাবী কৰে যে শিল্পাই তেওঁক ব্যক্তিগতভাৱে নিশ্চয়তা দিছিল যে তেওঁক সেই ধন ঘূৰাই দিব। অৱশ্যে সেই বছৰৰ ছেপ্টেম্বৰ মাহত শিল্পাই কোম্পানীটোৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰিছিল। পিছত তাৰকা দম্পতীৰ কোম্পানীটোক দেউলীয়া ঘোষণা কৰা হয়। কোম্পানীটোৰ বিৰুদ্ধে ১.২৮ কোটি টকাৰ গোচৰ ৰুজু হৈছিল। ফলত দীপক কোঠাৰীও সৰ্বস্বান্ত হয়। এনে পৰিস্থিতিত তেওঁ শিল্পা শেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে আৰ্থিক প্ৰতাৰণাৰ অভিযোগত এফআইআৰ দাখিল কৰে। সেই পৰিপ্ৰেক্ষিতত মুম্বাই আৰক্ষীয়ে ৰাজ-শিল্পাৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰিছে। ফলত ৰাজ-শিল্পাই যেতিয়াই মন যায়, তেতিয়াই দেশৰ বাহিৰলৈ যাব নোৱাৰিব। এতিয়াৰ পৰা তেওঁলোকে কেৱল অনুমতি লৈহে বিদেশ ভ্ৰমণ কৰিব পাৰিব।

You might also like