নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত ৪০০ কেজি RDX-ৰে ৩৪ মানৱ বোমা, ছিকিউৰিটী এজেঞ্চীৰ হাই এলার্ট

ত্রাসিত মুম্বাই৷ RDX হাই এলার্ট জাৰি মুম্বাই আৰক্ষীৰ৷ মায়ানগৰী মুম্বাই মানৱ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি সন্ত্রাসবাদীয়ে মুম্বাইৰ যান–বাহন আৰক্ষীৰ হোৱাটছএপ নম্বৰলৈ প্রেৰণ কৰাৰ পাছতেই সমগ্র চহৰখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ যান–বাহন আৰক্ষীৰ হোৱাটছএপ নম্বৰত প্রেৰণ কৰা সন্ত্রাসবাদীৰ ভাবুকিয়ে ইতিমধ্যে বাণিজ্যিক ৰাজধানীখনত ত্রাসৰ সৃষ্টি কৰিছে৷ সন্ত্রাসবাদীয়ে ভাবুকি প্রদান কৰা মতে, ৩৪ মানৱ বোমাই ৪০০ কিলোগ্রাম আৰডিএক্স কঢ়িয়াই লৈ ৪০খন বাহনত আছে৷ এই মানৱ বোমাই সমগ্র চহৰখনকে উৰুৱাই দিব৷ আৰক্ষীয়ে এই ভাবুকি লাভ কৰাৰ পাছতেই চহৰখনত হাই এলার্ট জাৰি কৰিছে৷ সন্ত্রাসবাদীৰ গোটটোৱে নিজকে লস্কৰ–ই–জেহাদী বুলি ঘোষণা কৰি এই ভাবুকি প্রদান কৰিছে৷ হোৱাটছএপ বার্তাটোত এইবুলিও ভাবুকি প্রদান কৰা হৈছে যে ইতিমধ্যে ১৪ পাকিস্তানী সন্ত্রাসবাদীয়ে ভাৰতত প্রৱেশ কৰিছে৷ লক্ষণীয় যে দেশৰ প্রান্তে প্রান্তে ই–মেইলযোগে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া স্বাভাৱিক ঘটনাত পৰিণত হৈছে যদিও মায়ানগৰী মুম্বাইক উৰুৱাই দিয়াৰ ভাবুকিক সহজভাৱে লোৱা নাই আৰক্ষীয়ে৷ হোৱাটছএপ বার্তাক পুংখানুপুংখ অধ্যয়ন কৰি মায়ানগৰী মুম্বাইৰ সন্দেহজনক অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে৷ ইয়াৰ উপৰি মুম্বাই আৰক্ষীয়ে সমগ্র চহৰখনৰ স্থিতি সূক্ষ্ম নিৰীক্ষণ চলাই আহিছে৷ মুম্বাই আৰক্ষীয়ে সজাগ হৈ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰাৰ লগতে ভাবুকিক সকলো দিশেৰে তদন্ত চলাই আছে৷

Niyomiya Barta Desk, 6 September

You might also like