নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপ কোৱালিফায়াৰত পৰাস্ত জার্মানী, ঘৰৰ মাটিত অন্তিম মেচ মেছিৰ

জার্মানী-ৰ ফিফা বিশ্বকাপ ২০২৬ৰ যোগ্যতা অর্জনৰ অভিযান পৰাজয়েৰে আৰম্ভ হৈছে৷ শ্লোভাকিয়াৰ ব্রাটিশ্লাভাত অনুষ্ঠিত গ্রুপ এৰ এখন মেচত দুর্বল দল শ্লোভাকিয়াৰ হাতত ০–২ গ’লত পৰাজয় স্বীকাৰ কৰে৷

অৱশ্যে স্পেইন আৰু বেলজিয়ামে জয়লাভ কৰি সম্পূর্ণ পইণ্ট অর্জন কৰিছে৷ গ্রুপ এৰ মেচখনত জার্মানীয়ে শ্ল’ভাকিয়াৰ বিপক্ষে নিজৰ ছন্দ অনুসাৰে খেলাত সম্পূর্ণৰূপে ব্যর্থ হৈছিল৷ মাত্র ১৩ মিনিটৰ ভিতৰত শ্ল’ভাকিয়াই দুটাকৈ গ’ল স্ক’ৰ কৰি জার্মানীক চাপত ৰাখিছিল৷ ৪২ মিনিটত ডেভিদ হাংকোৱে গ’ল স্ক’ৰ কৰি শ্ল’ভাকিয়াক গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰাৰ পিছত ৫৫ মিনিটত ডেভিদ ষ্ট্রেলেকেই গ’ল স্ক’ৰ কৰি দলটোক ২–০ গ’লত গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰে৷ পৰৱর্তী সময়ত জার্মানীয়ে গ’ল দুটা পৰিশোধ কৰাৰ বাবে আপ্রাণ চেষ্টা চলাই যদিও শেষ মুহূর্তলৈকে সফলতাৰ মুখ নেদেখিলে৷

ইপিনে ইউৰো কাপৰ চেম্পিয়ন স্পেইনে বুলগেৰিয়াক সহজেই ৩–০ গ’লত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰে৷ একপক্ষীয় মেচখনত স্পেইনৰ হৈ ৫ মিনিটত মাইকেল ভার্জাৱাল, ৩০ মিনিটত মার্ক কুকুৰায়ে আৰু ৩৮ মিনিটত মাইকেল মেৰিনোৱে গ’লকেইটা স্ক’ৰ কৰে৷ ইফালে বেলজিয়ামে লিচেনষ্টাইনক ৬–০ গ’লত বিধ্বস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰে৷

আনহাতে বিশ্ব চেম্পিয়ন আর্জেণ্টিনায়ো ভেনিজুৱেলাক ৩–০ গ’লত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট লাভ কৰে৷ বুয়েনছ আয়ার্ছত অনুষ্ঠিত মেচখনত লিঅ’নেল মেছিয়ে ৩৯ আৰু ৮০ মিনিটত দুটাকৈ গ’ল স্ক’ৰ কৰাৰ লগতে ৭৬ মিনিটত লউটাৰো মার্টিনেজে আনটো গ’ল স্ক’ৰ কৰে৷ সম্ভৱতঃ ঘৰৰ মাটিত ৰাষ্ট্রীয় দলৰ জার্ছী পিন্ধি শেষবাৰৰ বাবে খেলে মেছিয়ে৷ কিয়নো বিশ্বকাপৰ পূর্বে ঘৰুৱা মাটিত আর্জেণ্টিনাৰ কোনো সূচী নাই৷ ফলত এই মেচখনেই মেছিৰ ঘৰৰ মাটিত অন্তিমখন মেচ হোৱাৰ সম্ভাৱনা আছে৷ কিয়নো ২০২৬ চনৰ বিশ্বকাপত মেছিৰ অংশগ্রহণক লৈ জল্পনা–কল্পনা চলি আছে৷

Niyomiya Barta Desk, 6 September

You might also like