নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমবাৰলৈ অভিলেখপূর্ণ ৮ লাখ মেট্রিক টন ধান ক্রয় অসমৰ : সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়ে দিলে সফলতাৰ তথ্য

ডিজিটেল ডেস্ক, ৭ ছেপ্টেম্বৰ : ধান ক্রয়ৰ ক্ষেত্রত অসমে এক নতুন মাইলৰ খুঁটি অর্জন কৰিবলৈ সক্ষম হৈছে৷ সামাজিক মাধ্যমযোগে ধান ক্রয়ৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰে যে ২০২৫ বর্ষত প্রথমবাৰৰ বাবে অসমে ন্যূনতম সমর্থিত মূল্যৰ জৰিয়তে ৮.০২ লাখ মেট্রিক টন ধান ক্রয় কৰিবলৈ সক্ষম হৈছে৷

সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছে– ধান ক্রয়ৰ এই অভিলেখে অসমৰ কৃষিখণ্ডৰ অগ্রগতি আৰু সমৃদ্ধিৰ প্রতিফলন ঘটাইছে৷ এয়া কৃষক আৰু ৰাজ্যৰ বাবে এক গৌৰৱ আৰু ঐতিহাসিক কৃতিত্ব৷

মুখ্যমন্ত্রী ড০ শর্মাই ধান ক্রয়ৰ পৰিসংখ্যা দাঙি ধৰি উল্লেখ কৰা অনুসৰি প্রথম পর্যায়ত ৭ লাখ মেট্রিক টন, দ্বিতীয় পর্যায়ত ১ লাখ মেট্রিক টনৰো অধিক ধান ক্রয়ৰ জৰিয়তে চলিত বর্ষৰ ৫ ছেপ্টেম্বৰ পর্যন্ত ৮.০২ লাখ মেট্রিক টনতকৈ অধিক ধান ক্রয় কৰিছে ৰাজ্য চৰকাৰে৷

You might also like