আইচিচি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট : ৩০ ছেপ্টেম্বৰৰ গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠানত ভাগ নলয় পাকিস্তানে
নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ : আইচিচি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেটৰ উদ্বোধনী অনুষ্ঠানত অংশ লোৱাৰ পৰা বিৰত থাকিব পাকিস্তান৷ ৩০ ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান৷ পাকিস্তানৰ মহিলা দলটোৱে বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ নকৰে বুলি পাকিস্তানৰ সংবাদ মাধ্যমৰ এক সূত্রত এই কথা সদৰী হৈছে৷
উল্লেখ্য যে এদিনীয়া বিশ্বকাপৰ দুই আয়োজক দেশ ভাৰত আৰু শ্রীলংকাই ৩০ ছেপ্টেম্বৰত হ’বলগীয়া উদ্বোধনী মেচখনত অংশগ্রহণ কৰিব৷ উদ্বোধনী অনুষ্ঠানৰ পূর্বে অনুষ্ঠিত হ’ব এক বর্ণিল অনুষ্ঠান, য’ত অংশগ্রহণ কৰিব দেশৰ জনপ্রিয় গায়িকা শ্রেয়া ঘোষালে৷ কিন্তু পাকিস্তানৰ সংবাদ মাধ্যমৰ সূত্র অনুসৰি, পাকিস্তান মহিলা দলটোৰ অধিনায়ক ফাতিমা ছানা বা দলৰ আন কোনো খেলুৱৈয়ে উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ নকৰে৷
সূত্রটোৱে দাবী কৰা মতে, পাকিস্তান দলৰ কোনো এজন বিষয়াও বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’বলৈ ভাৰতলৈ নাহে৷ শেহতীয়াকৈ দুয়োখন দেশৰ মাজত চলি থকা কূটনৈতিক উত্তেজনাৰ বাবে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত পাকিস্তান দলটোৱে অংশগ্রহণ নকৰে৷ পেহেলগাম আক্রমণ আৰু অপাৰেচন সিন্দূৰৰ পাছত ভাৰত আৰু পাকিস্তানৰ সম্পর্ক ইমানেই নিম্নগামী হৈছে যে অদূৰ ভৱিষ্যতে দুয়োখন দেশে ইখনে সিখনৰ মাটিত কোনো আইচিচি প্রতিযোগিতাত অংশগ্রহণ নকৰে৷ চলিত বর্ষৰ আৰম্ভণিতে পাকিস্তানত অনুষ্ঠিত চেম্পিয়নছ ট্রফীত টীম ইণ্ডিয়াই অংশগ্রহণ কৰিছিল যদিও পাকিস্তানত খেলিবলৈ যোৱা নাছিল ৰোহিত শর্মা বাহিনীয়ে৷ ভাৰতীয় দলটোৰ গ্রুপ পর্যায়ৰ সকলো মেচ আৰু নকআউট, আনকি ফাইনেলো নিৰপেক্ষ স্থান ডুবাইত অনুষ্ঠিত হৈছিল৷ এই নীতিয়ে আসন্ন মহিলা এদিনীয়া বিশ্বকাপতো প্রভাৱ পেলাইছে৷ ফলত পাকিস্তান দলৰ সকলো খেল কলম্বোৰ প্রেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ যদি পাকিস্তান দলটোৱে ছেমিফাইনেল আৰু ফাইনেলত প্রৱেশ কৰে, তেতিয়াহ’লে এই দুয়োখন মেচ কলম্বোতে হ’ব৷