নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গড়গাঁও কলেজত সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকী পালন

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ অৱদানসমূহৰ আৰু অধিক গৱেষণামূলক অধ্যয়নৰ প্ৰয়োজন আছে। অসমত নতুনকৈ স্থাপন হোৱা বিশ্ববিদ্যালয়সমূহত ভূপেন হাজৰিকাৰ আসন প্ৰতিষ্ঠা কৰি ড০ ভূপেন হাজৰিকাৰ গৱেষণা-চৰ্চাক আৰু অধিক তৰান্বিত কৰিব পাৰি।

বিশ্ব বৰেণ্য শিল্পী, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম-শতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি শিৱসাগৰৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত আয়োজন কৰা বিশেষ অনুষ্ঠানত এই মন্তব্য আগবঢ়ায় বিশিষ্ট শিক্ষাবিদ, নিবন্ধকাৰ তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই।

আজি মহান শিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ দিনা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষ, গড়গাঁও মহাবিদ্যালয়ৰ শাখা সাহিত্য সভা, প্ৰকাশ সাহিত্য গোট, অসমীয়া বিভাগ আৰু ছাত্ৰ একতা সভাৰ উদ্যোগত আয়োজিত অনুষ্ঠানত ড০ হাজৰিকাৰ সাগৰসম অৱদানক সোঁৱৰণ কৰা হয়।

এই অনুষ্ঠানতে বৈদ্যুতিন সংবাদ মাধ্যম প্ৰাগ নিউজে ড০  ভূপেন হাজৰিকাৰ জন্ম-শতবাৰ্ষিকী উদযাপনৰ লগত  সংগতি ৰাখি এশখন ঠাইত কেক কটাৰ যি আয়োজন কৰিছিল; তাৰ অংশস্বৰূপে গড়গাঁও মহাবিদ্যালয়তো কেক কাটি ড০ হাজৰিকাৰ জন্মদিন উদযাপন কৰে।

অনুষ্ঠানত উপস্থিত আটায়ে ভূপেন হাজৰিকাৰ মহৎ সৃষ্টি ‘মানুহে মানুহৰ বাবে ” গীতটি পৰিবেশন কৰি  ভূপেন হাজৰিকাৰ অৱদানক প্ৰৱহমান কৰি ৰখাৰ সংকল্প গ্ৰহণ কৰে। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড০ দেৱযানী বকলীয়ালে আঁত ধৰা অনুষ্ঠানত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ দিগন্ত কোঁৱৰ, সাংবাদিক ভৈৰৱ মুণ্ডা, নাজিৰাৰ জ্যেষ্ঠ সাংবাদিক অশ্বিনী সন্দিকৈকে প্ৰমুখ্য কৰি মহাবিদ্যালয়খনৰ  অধ্যাপক- অধ্যাপিকা তথা শিক্ষাৰ্থী উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, শিৱসাগৰ, ৮ ছেপ্টেম্বৰ

You might also like