উপ–ৰাষ্ট্রপতি নির্বাচনৰ ভোটগ্ৰহণ আৰম্ভ, ৰাধাকৃষ্ণন-ৰেড্ডীৰ যুঁজত কোন হব বিজয়ী
আজি দেশে লাভ কৰিব পঞ্চদশসংখ্যক উপ–ৰাষ্ট্রপতি৷ স্বাস্থ্যজনিত কাৰণত উপ–ৰাষ্ট্রপতি পদৰ পৰা জগদীপ ধনখড়ে পদত্যাগ কৰাৰ পিছত এই পদবীৰ বাবে আজি আনুষ্ঠানিক নির্বাচন চলি আছে৷ নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএৰ প্রার্থী চি পি ৰাধাকৃষ্ণন বনাম বিৰোধী ইণ্ডি জোঁটৰ প্রার্থী বি সুদর্শন ৰেড্ডীৰ মাজত যুঁজ হ’ব৷
দেশৰ দ্বিতীয় শীর্ষক সাংবিধানিক পদবী উপ–ৰাষ্ট্রপতি নির্বাচন পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে আৰু ৫ বজাত সমাপ্ত হ’ব৷ ৰাজ্যসভা আৰু লোকসভাৰ সকলো সদস্যই ভোটদান কৰাৰ পিছত সন্ধিয়া ৮ বজাত ভোট গণনা হ’ব আৰু দেশৰ উপ–ৰাষ্ট্রপতি নির্বাচিত হ’ব৷
তথ্য মতে বর্তমান ৰাজ্যসভাত ২৩৯জন সদস্য আছে৷ লোকসভাত আছে ৫৪২সদস্য৷ মুঠ সদস্যৰ সংখ্যা ৭৮১জন৷ অর্থাৎ ৭৮১জনে উপ–ৰাষ্ট্রপতি নির্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব৷ বিজেডি আৰু বিআৰএৰে উপ–ৰাষ্ট্রপতি নির্বাচনত ভোটদানৰ পৰা বিৰত থাকিম বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছত ভোটৰ সংখ্যা ৭৭০লৈ হ্রাস পাইছে৷
কে চন্দ্রশেখৰ ৰাও নেতৃত্বাধীন বিআৰএছৰ ৪জন সদস্য ৰাজ্যসভাত আছে৷ আনপিনে নবীন পাটনায়ক নেতৃত্বাধীন বিজেডিৰ ৭জন সদস্য আছে৷ দুয়োটা দলৰেই লোকসভাত এজনো সদস্য নাই৷
সম্প্রতি বিজেপি নেতৃত্বাধীন এনডিএৰ লোকসভাত আছে ২৯৩ আৰু ৰাজ্যসভাত আছে ১৩৩৷ দুয়ো সদন মিলি এনডিএৰ সদস্যৰ সংখ্যা ৪২৬৷ এনে কাৰণত সংখ্যাগতভাৱে এনডিএৰ প্রার্থী চি পি ৰাধাকৃষ্ণনৰ জয় প্রায় নিশ্চিত যদিও ক্রছ ভোটিঙে এই নির্বাচনত প্রভাৱ পেলোৱাৰ সম্ভাৱনা নথকা নহয়৷ সংখ্যাৰ দৃষ্টিৰে চালে বিৰোধী ইণ্ডি জোঁটৰ প্রার্থী দি সুদর্শন ৰেড্ডী জয়ী হোৱাটো অতি কঠিন৷
Niyomiya Barta desk, 9 September