আজিৰে পৰা এছিয়া কাপ-২০২৫, সমুখসমৰত আফগানিস্তান-হংকং
এছিয়া কাপ ২০২৫ আজিৰে পৰা আৰম্ভ হব। আৰম্ভণী মেচত অংশ লব আফগানিস্তান আৰু হংকঙে। এছিয়ান ক্ৰিকেটৰ এই মহাসংগ্ৰাম আজিৰ পৰা আৰম্ভ হ’ব। এইবাৰৰ এছিয়া কাপ টি-২০ ফৰ্মেটত খেলা হ’ব। আফগানিস্তান আৰু হংকঙৰ মাজত টুৰ্ণামেণ্টৰ প্ৰথম মেচ আজি অনুষ্ঠিত হ’ব।
২০২৫ এছিয়া কাপত মুঠ আঠটা দলে অংশগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ভাৰত, পাকিস্তান, ওমান আৰু ইউএই এটা গ্ৰুপত আছে, আনহাতে বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান আৰু হংকং আন এটা গ্ৰুপত আছে। সকলো দলে প্ৰথমে লীগ পৰ্যায়ত ৩খননৈ মেচ খেলিব। ইয়াৰ পিছত ছুপাৰ-৪ ৰাউণ্ড অনুষ্ঠিত হ’ব। ২৮ ছেপ্টেম্বৰত ফাইনেল মেচ খেলা হ’ব।
এছিয়া কাপৰ সকলো মেচ আবুধাবি আৰু ডুবাইত অনুষ্ঠিত হ’ব। টুৰ্ণামেণ্টত মাত্ৰ এটা ডাবল হেডাৰ আছে। বাকী সকলো মেচ ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব। ডাবল হেডাৰৰ দিনটোত সন্ধিয়াৰ মেচ ভাৰতীয় সময় অনুসৰি চাৰে পাঁচ বজাৰ পৰা আৰম্ভ হ’ব।
Niyomiya Barta desk, 9 September