GMCH-ত ধৰণী বৈশ্যৰ মৰণোত্তৰ দেহদান, ইলোৰা বিজ্ঞান মঞ্চৰ শোক
গুৱাহাটী কাহিলিপাৰা নিৱাসী সমাজহিতৈষী ধৰণী বৈশ্যই কালি নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৩ বছৰ। অবিবাহিত প্ৰয়াত বৈশ্যই ভাতৃ-ভগ্নীৰ লগতে বহু আত্মীয়-স্বজন আৰু গুণমুগ্ধক এৰি থৈ গৈছে।
মানৱতাবাদী আৰু বিজ্ঞানমনস্ক ব্যক্তিগৰাকীৰ শেষ ইচ্ছা অনুসৰি গুৱাহাটী মেডিকেল কলেজত মৰণোত্তৰ দেহদান সুকলমে সম্পন্ন হয়। ইয়াৰ আগতে দুজন অন্ধ লোকৰ চকু সংৰোপণৰ বাবে শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসকে তেওঁৰ চকুযুৰি সংগ্ৰহ কৰে।
ইলোৰা বিজ্ঞান মঞ্চৰ উপসভাপতি প্ৰণৱজ্যোতি ডেকাই আতঁ ধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষৰ হৈ মৰণোত্তৰ দেহ মৰ্যাদাসহকাৰে গ্ৰহণ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক (ডাঃ) অচ্যুত বৈশ্যই মৃত্যুৰ পিচতো মানব কল্যানৰ হকে মৰনোত্তৰ দেহদানেৰে ধৰণী বৈশ্যই যি অনন্য উদাহৰণ দাঙি ধৰিলে তাৰ শলাগ লয়।এইক্ষেত্ৰত পৰিয়ালৰ আগ্ৰহ আৰু উদ্যোগৰ তেওঁ প্ৰশংসা কৰে।
অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ অধ্যাপক (ডাঃ) জয়দেব শৰ্মা, অধ্যাপক (ডাঃ) পংকজ অধিকাৰী, সহকাৰী অধ্যাপক (ডাঃ) ৰুপক বৈশ্য, গুৱাহাটী মেডিকেল কলেজৰ শিক্ষক-কৰ্মচাৰী, ছাত্র-ছাত্রী, ইলোৰা বিজ্ঞান মঞ্চৰ সম্পাদক কমলেশ গুপ্ত, যুটীয়া সম্পাদক মনোজ ৰায়, প্ৰয়াত বৈশ্যৰ পৰিয়ালৰ সদস্যসকলে বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী ব্যক্তিগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।
ইলোৰা বিজ্ঞান মঞ্চই তেওঁৰ শোকস্তব্ধ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধ সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে।
Niyomiya Barta desk, 9 September