নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

HSত ৮০% নম্বৰ পোৱা শিক্ষার্থীয়ে পাব স্কুটী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে মেধাৱী বিদ্যার্থীলৈ স্কুটী প্রদানৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰি কেবিনেটে ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৫ত ৮০ শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষার্থীসকলক স্কুটাৰ বিতৰণৰ বাবে অনুমোদন জনায়৷

ইয়াৰ দ্বাৰা এই বছৰত ১১,২৫০গৰাকী শিক্ষার্থী লাভান্বিত হ’ব৷ এই মুঠ শিক্ষার্থীৰ ৬,৮৬০গৰাকী ছাত্রী আৰু ৪,৩৯০গৰাকী ছাত্র৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি অহা দুমাহৰ ভিতৰত এই ছাত্র–ছাত্রীসকলক প্রদান কৰা হ’ব স্কুটী৷

Niyomiya Barta Desk, 10 September

You might also like