গোলকগঞ্জত আৰক্ষীৰ লাঠীচালনা : তদন্তৰ আওতালৈ OC, SP
ধুবুৰী জিলাৰ গোলকগঞ্জত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা চলায় আৰক্ষীয়ে।
এই ঘটনাৰ পিছত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতাক নিলম্বন কৰি ৰিজাৰ্ভ ক্লোজ কৰে। লগতে গৌৰীপুৰ থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহনকো ৰিজাৰ্ভ ক্লোজ কৰে।
আনহাতে ধুবুৰীৰ তিনি উচ্চপদস্থ আৰক্ষী বিষয়াৰ বিৰুদ্ধে DIGক তদন্তৰ নিৰ্দেশ দিয়া হৈছে। তদন্তৰ আওতা লৈ আহিব ধুবুৰী SSP লীনা দলেসহ আন দুগৰাকী উপ-আৰক্ষী অধীক্ষক। লগতে ৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মাজ নিশা ধুবুৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
গোলকগঞ্জত আৰক্ষীৰ লাঠীচালনাত আহত হোৱা প্ৰতিবাদকাৰীৰ স্বাস্থ্যৰ বুজ লবলৈ ধুবুৰীত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। গোলকগঞ্জত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত কালি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই বিশাল প্ৰতিবাদী জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰি ছিল। গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ৰ সন্মুখৰ পৰা গোলকগঞ্জ টাউন অভিমুখে উলিওৱা হয় জোঁৰ সমদল। সমদলত অংশগ্ৰহন কৰা প্ৰতিবাদকাৰীক গোলকগঞ্জ থানাৰ আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত আৰক্ষী আৰু CRPF জোৱানে লাঠীচালনা কৰে। আৰক্ষীৰ লাঠীচালনাত গুৰুতৰভাবে আহত হয় পুৰুষ মহিলাকে ধৰি শতাধিক প্ৰতিবাদকাৰী। তাৰে ভিতৰত কিছুসংখ্যক প্ৰতিবাদকাৰীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মাজ নিশা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত আহত প্ৰতিবাদকাৰীৰ স্বাস্থ্যৰ বুজ লৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ সভাকক্ষত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগত আলোচনাত মিলিত হয়।
Niyomiya Barta Desk, 11 September