ৰঙিয়াত APSC-UPSC পৰীক্ষাৰ্থীৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ
ৰঙিয়াত অসম লোকসেৱা আয়োগ (APSC) আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC)ৰ পৰীক্ষাৰ্থীসকলৰ বাবে ‘প্ৰত্যাশা-২০২৫’ নামৰ এক বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হৈছে। প্ৰথমবাৰৰ সফলতাৰ পিছত দ্বিতীয়বাৰৰ বাবে আয়োজিত এই শিবিৰত ‘Mission APSC/UPSC-Super 40’ নামৰ এক বিশেষ পাঠদান কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে, যাৰ জৰিয়তে পৰীক্ষাৰ্থীসকলক উচ্চমানৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত-বীৰদত্ত ভৱনত আয়োজিত এই শিবিৰৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননী গোপাল মহন্ত। তেওঁ নিজৰ বক্তব্যত কয়, যে “এখন সমাজ গঢ়ে মানৱ সম্পদে। এই সম্পদ গঢ়াত এনেধৰণৰ কাৰ্যসূচীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নীতি নিৰ্ধাৰণ আৰু নিৰ্দেশনা কাৰ্যকৰী কৰাৰ দায়িত্ব আমোলাৰ ওপৰত নিৰ্ভৰ কৰে। এপিএছচি বা ইউপিএছচি পৰীক্ষাত সফলতাৰ বাবে কেৱল বিদ্যায়তনিক নম্বৰৰ ওপৰত নিৰ্ভৰ কৰাৰ প্ৰয়োজন নাই, বৰং অধ্যাৱসায় আৰু দক্ষতাৰে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰি বুলি উপাচাৰ্য গৰাকীয়ে দোহাৰে। এই শিবিৰ বৰঠাকুৰ আইএএছ অকাডেমিৰ অভিজ্ঞ প্ৰশিক্ষক আৰু প্ৰশাসনিক বিষয়াসকলৰ তত্ত্বাৱধানত পৰিচালিত হ’ব।
অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে আৰএছএছৰ উত্তৰ অসম প্ৰান্তৰ প্ৰান্ত সংঘ চালক ড° ভূপেশ চন্দ্ৰ শৰ্মা। এই উদ্যোগৰ মূল উদ্যোক্তা তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই শিবিৰৰ গুৰুত্বৰ ওপৰত উল্লেখ কৰি কয়, “‘প্ৰত্যাশা-২০২৫’ৰ জৰিয়তে আমি ৰঙিয়াৰ প্ৰতিভাৱান শিক্ষাৰ্থীসকলক এপিএছচি আৰু ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি তেওঁলোকৰ কেৰিয়াৰ গঢ়াত সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই শিবিৰৰ মাধ্যমেৰে শিক্ষাৰ্থীসকলক উচ্চমানৰ পথ প্ৰদৰ্শন আৰু প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা হ’ব।
প্ৰত্যাশা-২০২৫’ৰ মূল লক্ষ্য হৈছে ৰঙিয়াৰ শিক্ষাৰ্থীসকলক প্ৰশাসনিক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ লগতে তেওঁলোকৰ মাজত আত্মবিশ্বাস আৰু উদ্যমৰ সঞ্চাৰ কৰা। এই শিবিৰে স্থানীয় প্ৰতিভাসমূহক নতুন উচ্চতালৈ লৈ যোৱাৰ সুযোগ সৃষ্টি কৰিব। এই উদ্যোগে ৰঙিয়াৰ শিক্ষাৰ্থীসকলৰ বাবে এক দীপ্তিময় ভৱিষ্যতৰ পথ মুকলি কৰিব বুলি বিধায়ক কলিতাই আশা প্ৰকাশ কৰে।
নিয়মীয়া বাৰ্তা , ৰঙিয়া, ১১ ছেপ্টেম্বৰ