বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : প্রদেশ কংগ্রেছত বিভাজনৰ ছবি পৰিস্ফুট হৈছে৷ ৰাজ্যিক সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে দিনকদিনে বাঢ়ি অহা অসন্তুষ্টি, অসন্তোষে এতিয়া নতুন মাত্রা লাভ কৰিছে৷ সামাজিক মাধ্যমত শেহতীয়াভাৱে মুখ্যমন্ত্রীক উদ্দেশ্যি গৌৰৱ গগৈয়ে দিয়া এটা প’ষ্টে এই কথা অধিক স্পষ্ট কৰি তুলিছে৷ দলৰ ভিতৰতে যেন অকলশৰীয়া হৈ পৰিছে প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈ৷ দলৰ জ্যেষ্ঠ কি কনিষ্ঠ সকলোৱে যেন সংগ এৰিবলৈ লৈছে গৌৰৱ গগৈৰ৷ বিভাজিত হোৱা পৰিলক্ষিত হৈছে গৌৰৱ গগৈৰ শিবিৰ, বিপৰীতে একত্রিত হৈছে ন–পুৰণি বিজেপি৷
শেহতীয়াভাৱে সামাজিক মাধ্যমত গৌৰৱ গগৈয়ে মুখ্যমন্ত্রীক উদ্দেশ্যি দিয়া এটা প’ষ্টত এই কথা প্রতীয়মান হৈছে৷ মুখ্যমন্ত্রীক উদ্দেশ্যি সামাজিক মাধ্যমত গৌৰৱ গগৈয়ে দিয়া প’ষ্টত সঁহাৰি নজনালে দলৰ কোনো এজন নেতাই৷ ইয়াৰ বিপৰীতে গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত মুখ্যমন্ত্রীৰ বিৰুদ্ধে দিয়া প’ষ্টত উঠি–পৰি লাগিল শাসকীয় দলৰ নেতা–মন্ত্রীসকল৷ গৌৰৱ গগৈক সুৰক্ষা দিবলৈ আগবাঢ়ি নাহিল দলৰ কোনো এজন নেতা৷ মন্ত্রী পীয়ূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, প্রশান্ত ফুকন, নন্দিতা গার্লোছা, ৰূপেশ গোৱালা, বিজেপিৰ সভাপতি দিলীপ শহকীয়া, বিধায়ক মানৱ ডেকা আদিয়ে গৌৰৱ গগৈয়ে মুখ্যমন্ত্রীক উদ্দেশ্যি দিয়া প’ষ্ট সম্পর্কত তাৎক্ষণিক প্রকাশ কৰিছে৷
মন্ত্রী পীয়ূষ হাজৰিকাই সামাজিক মাধ্যমত লিখিছে – ‘কংগ্রেছীসকলৰ প্রতি মোৰ দয়া উপজিছে, যিসকলে আপোনাক ত্রাণকর্তাৰ ৰূপত বিচাৰে৷ আপোনাৰ পত্নী–সন্তান ভাৰতীয় নাগৰিক নহয়৷ তদুপৰি, আপুনি পাকিস্তানৰ সৈতে আপোনাৰ গোপন সম্পর্ক লুকুৱাবলৈ সর্বোচ্চ চেষ্টা চলাইছিল৷ আজিৰ অসমত আমি মিঞাক আমাৰ ওপৰত নিয়ন্ত্রণ ল’বলৈ নিদিওঁ৷ ২০২৬ চনত যিদিনা কংগ্রেছ পৰাজিত হ’ব, সেইদিনা আপুনি ব্রিটেহনলৈ পলাই যাব৷’
দলীয় অভ্যন্তৰীণ সূত্রই জনোৱা মতে, কংগ্রেছৰ ভিতৰত গৌৰৱৰ সিদ্ধান্ত আৰু পদক্ষেপবোৰক লৈ অসন্তোষ দীর্ঘদিনীয়া৷ জ্যেষ্ঠ নেতাসকলৰ মতে, গৌৰৱে অধিকাংশ সিদ্ধান্ত নিজৰ মতে লয়৷ ফলত, কংগ্রেছ কর্মীসকলৰ মাজত ব্যৱধান বাঢ়িছে গৌৰৱৰ৷ গৌৰৱৰ প’ষ্টে এই কথা উন্মোচন কৰিছে৷ আনহাতে, বিজেপি শিবিৰে গৌৰৱৰ মন্তব্যত তৎক্ষণাৎ প্রতিক্রিয়া জনাই একতা প্রদর্শন কৰিছে৷ শাসকীয় শিবিৰৰ নেতা–মন্ত্রীসকলে সামাজিক মাধ্যমতে মুখ্যমন্ত্রীৰ সপক্ষে মন্তব্য কৰিছে৷ ইয়াৰ জৰিয়তে বিজেপিয়ে ‘এক দল, এক লক্ষ্য’ ধাৰণাৰ প্রতিফলন ঘটাইছে৷ কংগ্রেছৰ নেতৃত্বৰ প্রতি গঢ়ি উঠা অবিশ্বাস আৰু দলৰ এই বিভাজনে বিজেপিৰ কৌশলক অধিক সুদৃঢ় কৰি তোলা বুলি বিভিন্নজনে মন্তব্য কৰে৷