নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভগ্ন দলঙেৰে বিপদসংকুল যাতায়াত কৃষিজীৱী ৰাইজৰ : মৰণফান্দত পৰিণত জিঞ্জিৰাম নৈৰ কাঠৰ দলং

বাৰ্তা ব্যুৰ, গোৱালপাৰা, ১৪ ছেপ্টেম্বৰ : গোৱালপাৰা পশ্চিম জনজাতি সংৰক্ষিত বিধানসভা সমষ্টিৰ অধীনস্থ আগিয়া আৰু দ্বাৰকা গাঁও পঞ্চায়ত দুখনক বিভক্ত কৰা জিঞ্জিৰাম নৈৰ ওপৰত থকা দুখন ভগ্ন কাঠৰ দলং সম্প্ৰতি মৰণফান্দত পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷
উল্লেখযোগ্য যে দ্বাৰকা গাঁও পঞ্চায়তৰ প্ৰাইমাৰী কছলত্পাৰা-পুঠিমাৰী সংযোগী পথত জিঞ্জিৰাম নৈৰ ওপৰত থকা কাঠৰ কলংখন বিগত প্ৰায় পোন্ধৰ বছৰে মেৰামতি নকৰাৰ ফলত অতি জৰাজীর্ণ হৈ পৰিছে ! উক্ত ভঙা-ছিগা জৰাজীর্ণ কাঠৰ দলংখনৰ ওপৰেদিয়ে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ কৃষিজীৱী জনসাধাৰণে নিতৌ বিপজ্জনকভাৱে অহা-যোৱা কৰিবলগীয়া হৈছে । স্কুল-কলেজৰ শ শ ছাত্ৰ-ছাত্ৰীয়েও মৰণক শৰণ দি ভগ্ন দলংখন পাৰ হৈ বিদ্যালয়-মহাবিদ্যালয়লৈ যাবলগীয়া হৈছে। স্থানীয় ৰাইজে উক্ত কাঠৰ দলংখনৰ ঠাইত এখন পকী দলং নির্মাণ কৰি দিবলৈ বর্তমানৰ স্থানীয় বিধায়ক তথা বিভাগীয় কর্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰিছে যদিও কোনেও কাণসাৰ নিদিলে।
ইপিনে, জিঞ্জিৰাম নৈৰ প্ৰবল গৰাখহনীয়াই ওচৰতে থকা প্ৰাইমাৰ‌ী-কছলতপাৰা প্ৰাথমিক বিদ্যালয়লৈ ভাবুকি কঢ়িয়াই আনিছে ৷ আনহাতে, বর্তমানৰ নৱগঠিত মাৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ অন্তর্গত দেপালচুং বাংগালপাৰাৰ পৰা পুঠিমাৰীলৈ যোৱা পথত জিঞ্জিৰাম নৈৰ ওপৰত থকা আন এখন কাঠৰ দলঙো অতি শোচনীয় হৈ পৰিছে ।  অনতিপলমে জিঞ্জিৰাম নৈৰ ওপৰত থকা উক্ত দুখন কাঠৰ দলঙৰ স্থানত পকী দলং নির্মাণ কৰি দিবলৈ সংশ্লিষ্ট অঞ্চলবাসী জনসাধাৰণে চৰকাৰক অনুৰোধ জনাইছে ৷
প্ৰেৰক উদিত নাৰায়ণ কলিতা
You might also like