তাপশ্রী বৰুৱাৰ গ্রন্থ ‘উইথ লাভ ফ্রম আছাম’ উন্মোচন ৰিণিকি ভূঞা শর্মাৰ
নিজৰ সৃষ্টিশীল লেখাৰ জৰিয়তে বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰা যুৱ লেখিকা তথা এমাজনত বেষ্ট ছেলাৰ আৰু গীনিজ ৱর্ল্ড ৰেকর্ডত স্বীকৃতিপ্রাপ্ত লেখিকা তাপশ্রী বৰুৱাৰ তৃতীয়খন গ্রন্থ গুৱাহাটীত অনুষ্ঠিত এক আড়ম্বৰপূর্ণ অনুষ্ঠানত উন্মোচন কৰা হয়৷
গুৱাহাটীৰ হোটেল পেলেচিঅত আয়োজিত অনুষ্ঠানত প্রাইড ইষ্ট এণ্টাৰটেইণ্টমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষা তথা মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মাই কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গ্রন্থখন উন্মোচন কৰে৷ উন্মোচক ৰিণিকি ভূঞা শর্মাই লেখিকাগৰাকীৰ সাহিত্য চর্চাৰ ভূয়সী প্রশংসা কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে৷
এই গ্রন্থখন অনলাইন প্লেটফর্মত উপলব্ধ হ’ব৷ উল্লেখ্য যে তাপশ্রী বৰুৱাই এই গ্রন্থখনৰ জৰিয়তে সমগ্র ভাৰতবর্ষৰ লগতে বিশ্বজুৰি সাহিত্যিক জাগৰণৰ প্রচেষ্টা কৰিছে৷ গ্রন্থখনত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ বাস্তৱ জীৱনৰ অনুপ্রেৰণাদায়ক কাহিনীৰ এক সংকলিত ৰূপ পাঠকৰ মাজত তুলি ধৰাৰ প্রয়াস কৰিছে৷
যুৱ নেত্রী তথা লেখিকা তাপশ্রী বৰুৱাই এই গ্রন্থখনত পদ্মশ্রী সন্মানপ্রাপক ব্যক্তিৰ পৰা আৰম্ভ কৰি এগৰাকী গৃহিনীৰ জীৱন কাহিনীলৈকে স্থান পাইছে৷ লেখিকা তাপশ্রী বৰুৱাৰ দ্বিতীয়খন গ্রন্থ ‘দ্য মাইণ্ড’ৰ সফলতাৰ পিছত লেখিকাগৰাকীয়ে তৃতীয়খন গ্রন্থও পাঠকৰ হাতত তুলি দিয়াৰ লগতে এই গ্রন্থখনৰ পৰা অহা ৩০ শতাংশ ৰয়েল্টী তেওঁ কন্যা শিশুৰ শিক্ষাৰ বাবে দান কৰাৰ সংকল্প গ্রহণ কৰিছে৷
উল্লেখ্য যে নিজৰ সৃষ্টিশীল লেখাৰে যুৱপ্রজন্মৰ হূদয় স্পর্শ কৰা লেখিকা তাপশ্রী বৰুৱা এগৰাকী মনোবিজ্ঞানৰ ছাত্রী৷ তেওঁ এতিয়া লণ্ডনৰ মানচেষ্টাৰ ইউনিভার্ছিটীত গ্ল’বেল ফিউচাৰ স্ক’লাৰ হিচাপে অধ্যয়নৰত৷ লেখিকাগৰাকীয়ে সদৰী কৰা অনুসৰি, আজি ভাৰতবর্ষৰ লগতে আমেৰিকা, লণ্ডন, আফ্রিকা, অষ্ট্রেলিয়া, জাপান, দক্ষিণ আফ্রিকা আৰু ব্রাজিলত এই গ্রন্থখন ইণ্টাৰনেটত উপলব্ধ হ’ব৷
নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ ছেপ্টেম্বৰ