নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিত এইবাৰ ত্ৰিপল ইঞ্জিনৰ চৰকাৰ : কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

 বিটিচি নিৰ্বাচনত এইবাৰ আমি আটাইতকৈ বেছি আসন লাভ কৰিম ৷ যোৱাবাৰ বিটিচি নিৰ্বাচনত  বিজেপিয়ে ৯খন আসন লাভ কৰিছে৷ বিটিচিত এইবাৰ ত্ৰিপুল ইঞ্জিনৰ চৰকাৰ হব৷ গাড়ীৰ পেচেঞ্জাৰ প্ৰমোদ, হাগ্ৰামা আৰু অঞ্জলি দৈমাৰী, ড্ৰাইভাৰ আৰু তেল নৰেন্দ্ৰ মোডী৷ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷

আজি কোকৰাঝাৰৰ দক্ষিণ আফলাগাওঁ খেলপথাৰত বিটিচিৰ বনৰগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাজীৱ ব্ৰহ্ম আৰু দোতমা সমষ্টিৰ বিজেপি প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷

বনৰগাঁও সমষ্টিত এখন নাৰ্ছিং কলেজ নিৰ্মান কৰা, সেৰফাংগুৰীত বীৰ চিলাৰায় প্ৰতিমুৰ্তি নিৰ্মান কৰা, গংগীয়া নদীৰ খহনীয়া ৰোধ কৰা, আফলাগাঁও হাইস্কুল উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নতিকৰণ, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধীথলী ৰাষ্ট্ৰীয় মৰ্যদা প্ৰদান কৰা, সৰলভাঙা নৈত গৰাখহনীয়া ৰোধ কৰা, জাষ্টিন লাক্ৰাৰ নামত ষ্টেডিয়াম নিৰ্মান কৰা, হেকাইপাৰাত  ফুটব্ৰীজ নিৰ্মান কৰা ইত্যাদি প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে ধাৰাষাৰ বৰষুণৰ মাজতে মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত বিটিচিত বিজেপিৰ চৰকাৰ গঠন হলে চৰকাৰি আঁচনিসমুহ ৰূপায়নত কোনো ধৰণৰ দূৰ্নীতি নহয় বুলি সদৰি কৰে ৷ তদুপৰি বিটিচিত সম্প্ৰতি যি চৰকাৰ চলি আছে তাৰ তেল বিজেপিয়ে দিয়ে বুলি সদৰি কৰি এইবাৰ চালক সলনি হৈ বিজেপিৰ হলে বিটিচিবাসী অধিক লাভদায়ক হব সদৰি কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

বিটিচিক লৈ বিজেপিৰ বহু সপোন আছে৷ বিটিচিবাসী সকলোৱে শান্তিত থাকিব লাগে। ইয়াত বসবাস কৰা ২৬ টা জাতি, জনগোষ্ঠীৰে সম উন্নয়ন হ’ব লাগিব বুলিও নিজ ভাষণত সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷

ইপিনে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান নকৰা সমষ্টিত কাক সমৰ্থন জনাব বুলি সাংবাদিকে সোধা এক প্ৰশ্নত্তোৰত মুখ্যমন্ত্ৰীয়ে কয় যে যিয়ে সমৰ্থন বিচাৰিব তাকে সমৰ্থন দিব বিজেপিয়ে ৷ যেনেকৈ গৈবাৰী সমষ্টিত প্ৰমোদ বড়োৱে সমৰ্থন বিচাৰিছে৷

তেনেদৰে হৰিচিঙা, ৰৌতা, ধনশ্ৰী আৰু বাওঁখুংগ্ৰী সমষ্টিৰ প্ৰাৰ্থী বিলাকে বিজেপিৰ ওচৰত গৈছে ৷ আমি বিজেপিৰ পৰা কৈছো দুটা দলৰ ভিতৰত যি দলে বিজেপিৰ কাৰ্যকৰ্তাক ভবিষ্যতে গুৰুত্ব দিব আৰু তৃণমূল পৰ্যায়ত মিলামিছাকৈ চলিব তেওঁলোককে ভোট দিব ৷ এইবুলি কয় মুখ্যমন্ত্ৰীয়ে ৷

ইপিনে বিটিচিত পৰ্যটনৰ সুবিধা আছে,কৃষিৰ সুবিধা আছে, উদ্যোগিকৰণৰ সুবিধা আছে ৷ গতিকে সকলোৱে মিলিজুলি থাকিলে আমি সমাজখনক আগুৱাই লৈ যাব পাৰিম বুলি ব্যক্ত কৰি এইবেলি নিৰ্বাচনত কৰবাত বিপিএফ কৰবাত ইউপিপিএল আৰু কৰবাত এপিবিৰ লগত প্ৰতিদ্বণ্ডিত হব বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷

আনহাতে এইবাৰৰ বিটিচি নিৰ্বাচনত উৎসৱৰ দৰে হৈছে বুলি সদৰি কৰি মানুহ সকলো  দলৰ নিৰ্বাচনী সভাত যায় বুলিও ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ ইপিনে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে বিটিচিখন লেতেৰা হৈ আছে বুলি ব্যক্ত কৰা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে বিটিচিখন লেতেৰা হৈ থকা নাই ৷ বিটিচিক লৈ এনে কব নাপায় ৷

আজি দক্ষিণ আফলাগাওঁত অনুষ্ঠিত  নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে কয় যে বনৰগাওঁ আৰু দোতমা সমষ্টিৰ দুয়োগৰাকী বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিব ৷ উক্ত সমষ্টি দুটাত যিজনে অধিক ভোট লাভ কৰিব সেইজনকে কাৰ্যবাহী সদস্য পদ প্ৰদান কৰা হব বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ নিজ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, বিটিচিত যদি বিজেপি চৰকাৰ আহে চৰকাৰী আঁচনি দুগুণ, তিনিগুণ বেছি হব ৷ গাড়ী,পেট্ৰ’ল মোৰ লগত থাকিলে কোনো সমস্যা নাথাকিব ৷

প্ৰমোদ-হাগ্ৰামাকো লগত লৈ লম ৷ তেল ভৰোৱা ড্ৰাইভাৰ আৰু গাড়ী একে দলৰে হ’লে কোনো সমস্যা নাথাকে বুলি ব্যক্ত কৰি বিটিচিত বিজেপিৰ চৰকাৰ হলে ভিচিডিচিৰ নিৰ্বাচন হব বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে৷

আনহাতে বিটিচিৰ বাবে নতুনকৈ পাঁচ লাখ হিতাধিকাৰীক অৰুণোদয় প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে  অৰুণোদয় আচঁনিৰ ধনৰাশি অহা জানুৱাৰী মাহৰ পৰা ১৫০০ টকাকৈ দিয়া হব বুলি ব্যক্ত কৰে ৷  বিজেপিক ভোট দিলে নমৰালৈকে অৰুণোদয় আঁচনিৰ ধন পাই থাকিব বুলিও ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ৷

ইপিনে নৱেম্বৰ মাহৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীলৈ প্ৰতি মাহে তিনিশ টকাৰ সাহাৰ্য আৰু ছেল্ফ-হেল্প গ্ৰুপৰ মহিলালৈ নৱেম্বৰ মাহৰ পৰা  দহ হেজাৰ টকাৰ সাহাৰ্য প্ৰদান কৰাৰ লগতে অহা নৱেম্বৰত নতুনকৈ পুলিচৰ চাকৰিৰ বাবে বিজ্ঞাপন দিয়া হ’ব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷

পিনে কংগ্ৰেছ দলে বিটিচিত কিমান আসন লাভ কৰিব বুলি সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ জিৰো , আণ্ডা ৷ কংগ্ৰেছে এখনো আসন লাভ নকৰে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ সন্দৰ্ভতো মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে পাকিস্তানত এবাৰ গল,দুবাৰ গল৷ যোৱাবুলি নিজে স্বীকাৰ কৰিলে ৷ গতিকে পাকিস্তানত যদি এজন মানুহ যায় ৷ কেইদিন আছিল,কাক লগ পাইছিল, কাৰ লগত ফটো উঠিছে,কাৰ ঘৰত ভাত খালে ৷ গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নাই ৷ মই যদি আজি দহদিন পাকিস্তানত যাও৷ কিজানি পাকিস্তান কি কামত গলো৷ জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিব লাগিব৷ নহলে কব ফটোখন ৰিলিজ কৰি দিম,ভিডিঅ ৰিলিজ কৰি দিম ৷ তেতিয়া কি হব বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে ৷

ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ১৫ ছেপ্টেম্বৰ 

You might also like