খেলপথাৰত ভাৰতীয় খেলুৱৈয়ে কৰমর্দন নকৰাত ক্ষোভ পাকিস্তানৰ, ICC-ক অভিযোগ PCB-ৰ
সংযুক্ত আৰব আমিৰশ্বাহীত পূর্ণ গতিত চলি থকা এছিয়া কাপত দেওবাৰে অনুষ্ঠিত হয় বহু প্রতীক্ষিত ভাৰত আৰু পাকিস্তানৰ মেচ৷ মেচখনত দুর্দান্ত প্রদর্শনেৰে টীম ইণ্ডিয়াই পাকিস্তানক ৭ উইকেটত বিধ্বস্ত কৰে৷ মেচৰ প্রদর্শনেৰে ভাৰতে পাকিস্তানক কেৱল পৰাস্ত কৰাই নহয়, ৰাজহুৱাভাৱে অপমানো কৰিছে৷
খেল আৰম্ভ হোৱাৰ পূর্বে টছৰ সময়ত ভাৰতীয় অধিনায়ক সূর্যকুমাৰ যাদৱে পাকিস্তানী অধিনায়ক ছলমান আঘাৰ সৈতে কৰমর্দন নকৰাকৈ আঁতৰি যায়৷ মেচৰ শেষতো ভাৰতীয় খেলুৱৈসকলে পাকিস্তানৰ খেলুৱৈৰ সৈতে কৰমর্দন কৰাৰ পৰা বিৰত থাকে৷
ভাৰতীয় খেলুৱৈসকলৰ এই সিদ্ধান্তক কেন্দ্র কৰি এতিয়া সৃষ্টি হৈছে বিতর্কৰ৷ বিশেষকৈ পাকিস্তানৰ প্রাক্তন ক্রিকেটাৰসকলে এই বিষয়ত তীব্র ক্ষোভ প্রকাশ কৰা দেখা গৈছে৷
ইফালে, এই সন্দর্ভত পাকিস্তান ক্রিকেট দলেও ভাৰতীয় দলৰ বিৰুদ্ধে এক আনুষ্ঠানিক পদক্ষেপ গ্রহণ কৰা বুলি খবৰ প্রকাশ পাইছে৷ প্রকাশিত খবৰ অনুসৰি ভাৰতীয় খেলুৱৈয়ে কৰমর্দন নকৰাত অপমানিত বোধ কৰি পাকিস্তান ক্রিকেট দলৰ মেনেজাৰে পিচিবিৰ নির্দেশত ভাৰতীয় দলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে৷
সংবাদ প্রতিষ্ঠানৰ তথ্য অনুসৰি এই সন্দর্ভত এছিয়ান ক্রিকেট কাউঞ্চিলৰ সন্মুখত পাকিস্তানৰ টীম মেনেজাৰ নভিদ আখতাৰ চিমাই অভিযোগ প্রকাশ কৰিছে৷ পাকিস্তানৰ প্রাক্তন ক্রিকেটাৰসকলেও ভাৰতীয় খেলুৱৈৰ এনে কার্যত ক্ষোভিত হৈ পৰিছে৷ প্রাক্তন ক্রিকেটাৰ বছিত আলীয়ে এনে ঘটনাত ক্ষোভ প্রকাশ কৰি ‘কেৱল এছিয়া কাপতে নহয়, আইচিচি প্রতিযোগিতাতো এনে আচৰণ দেখা যায়’ বুলি মন্তব্য কৰে৷
আন এগৰাকী প্রাক্তন ক্রিকেটাৰ কামৰান আকমলে ক্রিকেটৰ বিকাশৰ বাবে এয়া সঠিক নহয় বুলি মন্তব্য কৰিছে৷ ভাৰতীয় দলৰ এই কার্যক লৈ ক্ষোভিত হোৱা আকমলে কয় যে এই কাম কৰি ভাৰতীয় দলে নিজৰ প্রকৃত ৰং দেখুৱাইছে৷
ৰছিদ লতিফেও এই গোটেই বিষয়টোত আইচিচিক জবাবদিহি কৰা দেখা গৈছে৷ লক্ষণীয়ভাৱে ভাৰতীয় দলৰ এনে পদক্ষেপৰ পাছত পাকিস্তানৰ অধিনায়ক ছলমান আঘা মেচৰ সমাপ্তিৰ পাছত হোৱা কার্যসূচীত উপস্থিত থকাৰ পৰা বিৰত থাকে৷
উল্লেখ্য যে ভাৰতৰ জয়ৰ পাছতে অধিনায়ক সূর্যকুমাৰ যাদৱে এই জয় ভাৰতীয় সেনাৰ নামত উৎসর্গা কৰাৰ লগতে পেহেলগামত সন্ত্রাসবাদী আক্রমণৰ ভুক্তভোগী পৰিয়ালৰ প্রতি সংহতি প্রকাশ কৰিছিল৷ প্রকাশিত খবৰ অনুসৰি ভাৰতীয় দলটোৱে পাকিস্তানী খেলুৱৈৰ লগত কৰমর্দন কৰিব নালাগে বুলি ব’ৰ্ডৰ শীর্ষ বিষয়াৰ পৰা কঠোৰ নির্দেশনা পাইছিল আৰু সেই অনুসাৰে এনে পদক্ষেপ লৈছিল৷
নিয়মীয়া বাৰ্তা ডেস্ক, ১৬ ছেপ্টেম্বৰ