মহানগৰীৰ জ্যোতিনগৰৰ পৰা সন্ধানহীন ৩ কিশোৰী
মহানগৰীৰ জ্যোতিনগৰ পৰা সন্ধানহীন হৈছে তিনিগৰাকী কিশোৰী।
বিশ্বকৰ্মা পূজাত ফুৰিবলৈ গৈ সন্ধানহীন হৈ আছে এই তিনিগৰাকী কিশোৰী ছাত্ৰী।
বুধবাৰে দুপৰীয়া প্ৰায় ১ বজাৰ পৰা সন্ধানহীন এই তিনিগৰাকী কিশোৰী।
সন্ধানহীন তিনি কিশোৰী ক্ৰমে ঈশা নাথ (১৪), টিনা ৰাভা (১২), চুইটি দাস (১৪)।
সন্ধানহীন ছাত্ৰী ঈশা নাথ জ্যোতিনগৰ হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী।
ঈশা নাথৰ ঘৰ গুৱাহাটীৰ জ্যোতিনগৰত।
টিনা ৰাভা জ্যোতিনগৰ হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী, তেওঁৰ ঘৰ নুনমাটি আনন্দ নগৰত।
ছুইটি দাস সপ্তম শ্ৰেণীৰ ছাত্ৰী, তেওঁৰ ঘৰ নুনমাটিৰ গণেশ নগৰত।
বামুণীমৈদাম Industrial Estate চাৰিগৰাকী কিশোৰীয়ে একেলগে গৈছিল বিশ্বকৰ্মা পূজা চাবলৈ।
ইয়াৰে তিনিগৰাকী কিশোৰী দুজন যুৱকৰ সৈতে গুৱাহাটী কলেজৰ সন্মুখৰ পৰা স্কুটিত উঠি হৈছিল।
তাৰ পিছৰে পৰাই সন্ধানহীন কিশোৰী তিনিগৰাকী।
ইতিমধ্যে পৰিয়াল লোকে ঘটনা ঘটনা সন্দৰ্ভত নুনমাটি আৰু চানমাৰি থানাত দাখিল কৰিছে এজাহাৰ।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৮ ছেপ্টেম্বৰ