নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ত অসমৰ চালকক দীৰ্ঘদিনে দুৰ্ব্যৱহাৰ : যোৰাবাটত তীব্ৰ প্ৰতিবাদ অসম টুৰিষ্ট টেক্সি চালক সন্থাৰ

নিয়মীয়া বাৰ্তা, সোণাপুৰ, ১৮ ছেপ্টেম্বৰ : জয় আই অসম ধ্বনিৰে যোৰাবাটত অসম টুৰিষ্ট টেক্সি চালক সন্থাই আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দীৰ্ঘ বছৰ ধৰি মেঘালয়ৰ টুৰিষ্ট টেক্সি চালকে অসমৰ টুৰিষ্ট টেক্সি চালকক কৰি অহা দুৰ্ব্যৱহাৰত অতিষ্ঠ হৈ আজি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে৷

পুৱাৰে পৰা যোৰাবাট থানাৰ সন্মুখৰ ২৭নং ৰাষ্ট্ৰীয় পথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি গুৱাহাটীলৈ বুলি অহা  শ শ মেঘালয়ৰ বাহন ওভতাই পঠিয়ায় ৷ আনকি গুৱাহাটীলৈ অহা মেঘালয়ৰ মন্ত্ৰীৰ বাহনকো প্ৰৱেশত বাধা প্ৰদান কৰে ৷ উল্লেখ্য যে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু মেঘালয় ৷ সেইবাবে দেশী-বিদেশী পৰ্যটকসকলে মেঘালয়লৈ যাবলৈ গুৱাহাটীত উপস্হিত হয়৷ গুৱাহাটীৰ পৰা তেওঁলোকে টেক্সি লৈ মেঘালয়ৰ বিভিন্ন ঠাই পৰিদৰ্শনৰ বাবে  যায় ৷ কিন্তু যোৱা ১৬ ছেপ্টেম্বৰত পৰ্যটক লৈ যোৱা অসমৰ বাহনক ছিলঙৰ পৰা আন কোনো স্হান পৰিদৰ্শন কৰিবলৈ যাবলৈ দিয়া নাছিল মেঘালয়ৰ টুৰিষ্ট টেক্সি চালকসকলে  ৷ তদুপৰি বাহনৰ চালকৰ লগতে পৰ্যটকসকলকো গাড়ীৰ পৰা নমাই দুৰ্ব্যৱহাৰ কৰে৷ যাৰ বাবে আজি অতিষ্ঠ হৈ অসম টেক্সি চালকসকলে যোৰাবাটৰ ২৭নং ৰাষ্ট্ৰীয় পথত প্ৰতিবাদ সাব্যস্ত কৰি মেঘালয়ৰ সকলো বাহনকে গুৱাহাটী তথা অসমত প্ৰৱেশত বাধা প্ৰদান কৰে ৷

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে মেঘালয়ৰ চালকসকলে এয়াই প্ৰথম নহয়, প্ৰত্যেক বছৰে অসমৰ টেক্সি চালকসকলক মেঘালয়ত বহু বেয়া ব্যৱহাৰ কৰে ৷ অসমৰ বহু শিক্ষিত নিবনুৱা লোকে বেংকৰ পৰা ঋণ লৈ গাড়ী এখন ক্ৰয় কৰি এনেদৰে ভাড়া মাৰি নিজৰ লগতে পৰিয়াল চলাই আছে ৷ তেনেক্ষেত্ৰত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ চালকৰ এনে দুৰ্ব্যৱহাৰ কোনো কাৰণতে সহ্য নকৰে ৷

চালকসকলৰ এই প্ৰতিবাদত আজি যোৰাবাটৰ ২৭নং ৰাষ্ট্ৰীয় পথৰ লগতে শ্বিলং সংযোগী  ৬নং ৰাষ্ট্ৰীয় পথত বহু সময় ধৰি তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ৷ শ শ চালকৰ প্ৰতিবাদত উত্তাল হৈ পৰে যোৰাবাট ৷ ঘটনাস্হলীত আৰক্ষীৰ শীৰ্ষ বিষয়া, জিলা পৰিবহণ বিষয়া আৰু মেঘালয়ৰ প্ৰশাসন উপস্হিত হৈ দুদিনৰ ভিতৰত সমস্যা সমাধানৰ আশ্বাস দিয়ে মেঘালয় প্ৰশাসনে ৷ তাৰ পিছতে সাময়িকভাৱে প্ৰতিবাদ বন্ধ ৰাখে টেক্সি চালক সন্থাই ৷

ইপিনে, অসমৰ চালক সকলৰ সুৰক্ষা নিশ্চিত কৰাৰো প্ৰতিশ্ৰুতি দিয়ে মেঘালয় চৰকাৰে ৷ উল্লেখ্য যে মেঘালয়ৰ টেক্সি চালক সকলেও বহু পৰ্যটক লৈ অসমৰ কামাখ্যা মন্দিৰকে আদি কৰি বহু ঐতিহ্য ঠাইলৈ দেশী বিদেশী পৰ্যটকক লৈ দৰ্শন  কৰে ৷ কিন্তু তেওঁ লোকক অসমৰ চালকে  কোনো বাধা প্ৰদান কৰা নাই ৷ গতিকে তেওঁলোকেও  অসমত আহে আৰু আমিও মেঘালয়ত যাওঁ ৷ এটা মিলাপ্ৰীত ভাব নাথাকিলে আগন্তক দিনত  ভয়াবহ ঘটনা সংঘটিত হব বুলিও শংকিত হৈছে চালক সন্হাই ৷

প্ৰেৰক ৰমেশ দাস 

You might also like