নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰী-ৰ জ্যোতিনগৰৰ পৰা সন্ধানহীন ৩ কিশোৰীক উদ্ধাৰ

মহানগৰীৰ জ্যোতিনগৰৰ পৰা সন্ধানহীন হোৱা ৩গৰাকী কিশোৰীক উদ্ধাৰ।

DCP অমিতাভ বসুমতাৰীৰ নেতৃত্বত চানমাৰি আৰু নুনমাটি আৰক্ষীয়ে চলোৱা অভিযানত নিশা মহানগৰীৰ উলুবাৰীৰ KFCৰ ওচৰৰ পৰা উদ্ধাৰ তিনি কিশোৰীক।

বিশ্বকৰ্মা পূজা চাবলৈ দুপৰীয়া ভাগত তিনি যুৱকৰ সৈতে স্কুটিত উঠি সন্ধানহীন হৈছিল তিনি কিশোৰী।

ঘটনা সন্দৰ্ভত কিশোৰী তিনিগৰাকীৰ পৰিয়ালে নুনমাটি আৰু চান্দমাৰী আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ।

মহানগৰীৰ ডাউন টাউনস্থিত এটা Home Stayত নিশা কটাইছিল তিনি কিশোৰীয়ে।

ঘটনা সন্দৰ্ভত গান্ধীমণ্ডপৰ পৰা এজন যুৱকক আটক কৰিছে আৰক্ষীয়ে।

এয়া অপহৰণ কাণ্ড নহয় বুলি DCP য়ে অৱগত কৰিছে।

ইতিমধ্যে উদ্ধাৰ কৰা দুই কিশোৰীক চানমাৰি আৰু এগৰাকী কিশোৰীক নুনমাটি থানাত ৰাখিছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৯ ছেপ্টেম্বৰ

You might also like