নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মদিনত প্রধানমন্ত্রী মোদীলৈ বিশেষ উপহাৰ লিঅ’নেল মেছিৰ

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বুধবাৰে উদযাপন কৰে ৭৫সংখ্যক জন্মদিন৷ এই উপলক্ষে মোদীক দেশ–বিদেশৰ বহু নেতা, বিশিষ্ট লোক, অনুৰাগীয়ে শুভেচ্ছা জ্ঞাপন কৰে৷ এই সময়ছোৱাত লাভ কৰা বিভিন্ন উপহাৰৰ ভিতৰত আছে বিশ্ব চেম্পিয়ন আর্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিঅ’নেল মেছিয়ে আর্জেণ্টিনাৰ পৰা প্রেৰণ কৰা এক বিশেষ উপহাৰ৷

জানিব পৰা মতে, মেছিয়ে ১৩ ডিচেম্বৰত ভাৰত ভ্রমণ কৰিব৷ এই উপলক্ষে ক্রীড়া উদ্যোগী তথা মেছিৰ ভ্রমণ প্রম’টাৰ শতদ্রু দত্তই শেহতীয়াকৈ তেওঁক সাক্ষাৎ কৰে৷ এই সময়ছোৱাত মেছিয়ে শতদ্রু দত্তৰ জৰিয়তে প্রধানমন্ত্রী মোদীক এক বিশেষ উপহাৰ প্রদান কৰিছে৷ এক সাক্ষাৎকাৰত শতদ্রুৱে কয় যে বিশ্বৰ আগশাৰীৰ ফুটবলাৰ মেছিয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ ৭৫সংখ্যক জন্মদিনৰ বাবে এটা স্ব–স্বাক্ষৰিত জার্ছী প্রদান কৰিছে৷ ইমানেই নহয়, ভাৰত ভ্রমণৰ সময়ত মেছিয়ে প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰিব পাৰে৷

তথ্য অনুসৰি, ১৩ ডিচেম্বৰত কলকাতাত উপস্থিত হ’ব মেছি৷ তাৰ পিছত তেওঁ ১৪ ডিচেম্বৰত মুম্বাই আৰু ১৫ ডিচেম্বৰত দিল্লীত এক অনুষ্ঠানত অংশগ্রহণ কৰিব৷

You might also like