বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : সামান্যতমো কাণ্ডজ্ঞান নথকা একাংশ ভুৱা জুবিন অনুৰাগীৰ নীচ কৰ্ম-কাণ্ডই এতিয়া সকলোকে ক্ষুব্ধ কৰি তুলিছে। যোৱানিশা গুৱাহাটী মহানগৰীৰ উপকণ্ঠৰ সোণাপুৰৰ কমাৰকুছিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্যস্থলীত একাংশ ভুৱা জুবিনপ্ৰেমীৰ কৰ্মকাণ্ডই হতবাক কৰি তুলিছে। সুৰাৰ ৰাগিত মাতাল হৈ এই উদণ্ড যুৱক-যুৱতীৰ দলটোৱে প্ৰিয় শিল্পীৰ সমাধিস্থলীত তাণ্ডৱ চলায়। সুৰাৰ ৰাগিত মাতাল উদণ্ড যুৱক-যুৱতীৰ দলটোৱে সমাধিস্থলীৰ সীমাৰ প্ৰাচীৰ নিৰ্মাণৰ কামত বাধা দিয়াৰ লগতে তাণ্ডৱ চলোৱাৰ অভিযোগত এগৰাকী যুৱতীসহ ৬জনক সোণাপুৰ আৰক্ষীয়ে আটক কৰিছে।
আৰক্ষীয়ে আটক কৰা এই ছয় যুৱক-যুৱতী হৈছে অৰূপ ফুকন (৩২), দক্ষিণগাঁও, গুৱাহাটী; মিগম শৰ্মা (২৯) আৰু অৰূপ দাস (৩৩), কাহিলিপাৰা; হীৰকজ্যোতি কাকতি (৩২), কমলপুৰ, কামৰূপ; দেৱাশিস ঠাকুৰীয়া (৩০), ওদালগুৰি আৰু প্ৰিয়ংকা ফাংচো (২৮), ডিগাৰু, সোণাপুৰ।
জনা মতে, এই লোকসকলে নিজৰ পৰিচয় জুবিন গাৰ্গৰ অনুৰাগী হিচাপে দিয়ে। অভিযোগ অনুসৰি, তেওঁলোক মাতাল অৱস্থাত আছিল আৰু প্ৰাণৰ শিল্পীৰ শেষকৃত্যস্থলীত সীমাৰ প্ৰাচীৰ নিৰ্মাণৰ কামত বাধা দিয়াৰ উপৰি তাণ্ডৱ চলায়। ফলত সোণাপুৰ আৰক্ষীয়ে তেওঁলোকক আটক কৰে।